নিউজ ডেস্কঃ আজি প্ৰয়াত জনপ্ৰিয় কন্ঠশিল্পী কেকেৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব মুম্বাইৰ বৰ্ছোবা হিন্দু শ্মশানত। তেওঁৰ বাসগৃহত ইতিমধ্যে পৰিয়ালৰ লোকৰ লগতে বলিউডৰ বহু লোকে উপস্থিত হৈ গায়ক গৰাকীৰ মৃতদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
তাৰপাছতে বাসগৃহৰ পৰা গায়ক গৰাকীৰ মৃতদেহ লৈ শ্মশানলৈ অন্তিম যাত্ৰা আৰম্ভ হৈছে। জানিব পৰা মতে, বাসগৃহৰ পৰা পোনে পোনে বৰ্ছোবা হিন্দু শ্মশানলৈ লৈ যোৱা হ’ব তেওঁৰ মৃতদেহ।
উল্লেখযোগ্য যে, মঙলবাৰে অৰ্থাৎ ৩১ মে’ত জনপ্ৰিয় গায়ক কৃষ্ণকুমাৰ কুন্নাথৰ আকস্মিকভাৱে কলকাতাত মৃত্যু হয়। গায়ক গৰাকীয়ে মঙলবাৰে সন্ধিয়া দক্ষিণ কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ দ্বাৰা আয়োজিত এক সংগীতানুষ্ঠানত জীৱনৰ অন্তিমটো অনুষ্ঠান পৰিৱেশন কৰিছিল৷