নিউড ডেস্কঃ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াক তিহাৰ জেলত বৰ্তমান কাৰাবন্দী। তিহাৰ জেলৰ চেল নং ১ ত ৰখা হৈছে শিশোদিয়াক। যাৰ বাবে এতিয়া আপৰ নেতৃত্বৰ মাজৰ পৰা আহিছে বিভিন্ন প্ৰতিক্ৰিয়া।

আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কৈছে যে, তিহাৰ কাৰাগাৰত মনীষ চিছোদিয়াৰ নিৰাপত্তাক লৈ আশংকা আছে কিয়নো তেওঁক আটাইতকৈ বিপদজনক অপৰাধীৰ সৈতে ৰখা হৈছে।

লগতে সিঙে কয়, “আমাৰ চিন্তা আছে যে মনীষ চিছোদিয়াৰ জীৱনৰ ভাবুকি আছে। আপোনালোকে শিশোদিয়াক ইমান ভয় কিয় কৰে? প্ৰথমবাৰৰ বাবে কোনো বন্দীক এনে অপৰাধীৰ সৈতে ৰখা হৈছে নেকি?”

ইফালে, আপৰ আন এজন নেতা সৌৰভ ভৰদ্বাজে আজি সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে, “বিচাৰাধীন মনীষ শিশোদিয়াক কঠোৰ অপৰাধীৰ সৈতে তিহাৰ কাৰাগাৰৰ চেল নং ১ ত ৰখা হৈছে। এজন বিচাৰাধীন বন্দীক কেতিয়াও ১ নং চেলত ৰখা নহয়”।

দিল্লীসুৰা নীতিৰ গোচৰৰ সন্দৰ্ভত শিশোদিয়াক চিবিআইয়ে ২৬ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল। ৬ মাৰ্চত শিশোদিয়াক 20 মাৰ্চলৈকে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখযোগ্য যে, আদালতে শিশোদিয়াক ভগৱৎ গীতা, এযোৰ চশমা আৰু ঔষধ কাৰাগাৰলৈ লৈ যাবলৈ অনুমতি দিছে আৰু তিহাৰ কৰ্তৃপক্ষক তেওঁৰ অনুৰোধ বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে যাতে তেওঁক বিপাসনা ধ্যান কৰিবলৈ অনুমতি দিয়া হয়।

লগতে পঢ়ক – অসমৰ কেবিনেট মন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply