smuggled-goods

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত নিৰাপত্তা বাহিনীয়ে চলোৱা দুটা পৃথক অভিযানত ৪ কোটি টকাতকৈ অধিক মূল্যৰ চোৰাং সামগ্ৰী জব্দ কৰা হয়।

প্ৰাপ্ত তথ্য মতে ২৬ এপ্ৰিলত ৰাজ্যখনৰ চাণ্ডেল আৰু তেংনৌপাল জিলাত আছাম ৰাইফলছৰ জোৱানে এই অভিযান চলাইছিল।

চাণ্ডেল জিলাত চলোৱা অভিযানত ৫ গাড়ীৰ পৰা ১.৩৬ কোটি টকাৰ চোৰাং সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে ৭জন ব্যক্তিক আটক কৰা হয়।

আনহাতে তেংনৌপাল জিলাত চলোৱা অভিযানত নিৰাপত্তা বাহিনীয়ে দুজন ব্যক্তিক আটক কৰিছিল যদিও ধৃত অভিযুক্ত কেইজনে পিছত সুযোগ বুজি পলায়ন কৰে বুলি নিৰাপত্তা বাহিনীৰ সূত্ৰই প্ৰকাশ কৰে।

উক্ত অভিযানত ৩.২৬ কোটি টকা মূল্যৰ বস্ত্ৰ, জোতা—চেণ্ডেল, চিগাৰেট আদি বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰা হয়।

উদ্ধাৰ কৰা সামগ্ৰীসমূহৰ লগতে আটক কৰা ব্যক্তিকেইজনক পিছত চাণ্ডেল আৰক্ষী থানাত গতাই দিয়া হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply