নিউজ ডেস্কঃ অহা ৩০ এপ্ৰিলত হ’ব বছৰৰ প্ৰথমটো সূৰ্য্যগ্ৰহণ। মাজৰাতি ১২ বাজি ১৫ মিনিটৰ পৰা আৰম্ভ হৈ ৰাতিপুৱা ৪বাজি ৮ মিনিটত সমাপ্ত হ’ব এই সূৰ্য্যগ্ৰহণ।

ভাৰতত এই গ্ৰহণ পৰিলক্ষিত নহ’ব। দক্ষিণ আমেৰিকাৰ দক্ষিণ-পশ্চিম ভাগ, আটলান্টিক মহাসাগৰ, এন্টাৰ্কটিকা আৰু প্ৰশান্ত মহাসাগৰত পৰিলক্ষিত হ’ব।

এই বৰ্ষত হ’ব মুঠ ৪টা গ্ৰহণ। ইয়াৰ ভিতৰত হ’ব ২টা সূৰ্যগ্ৰহণ আৰু ২টা চন্দ্ৰগ্ৰহণ। ৩০ এপ্ৰিলত হ’বলগীয়া এই গ্ৰহণটো বছৰৰ প্ৰথমটো আংশিক সূৰ্য্যগ্ৰহণ আৰু দ্বিতীয়টো হ’ব ২৫ অক্টোবৰত। এই মাহৰ আংশিক সূৰ্য্যগ্ৰহণৰ পিছত মাত্ৰ দুসপ্তাহৰ পিছত ১৬ মে’ত হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply