নিউজ ডেস্কঃ আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন প্ৰাক্তন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে চলিব ৩৪ টাকৈ অপৰাধমূলক গোচৰ। নাম নকলেও এতিয়া গম পাইছে কোন এই প্ৰাক্তন ৰাষ্ট্ৰপতি।

৪ এপ্ৰিলত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ম্যানহাটান আদালতৰ সন্মুখত আত্মসমপৰ্ণ কৰিছিল আৰু তাৰ পিছতেই তেওঁক আদালতত ন্যায়াধীশৰ সন্মুখত লৈ যোৱা হয়।

আদালতত শুনানিৰ সময়ত ন্যায়াধীশ জুয়ান মাৰ্চেণ্টে ভিডিঅ’গ্ৰাফী তথা ফটোগ্ৰাফী কৰাৰ বাবে নিষিদ্ধ কৰাইছিল। কেৱল মাত্ৰ ৫ টা সাংবাদিকৰ গোটক প্ৰৱেশৰ অনুমতি দিছিল আৰু কেই মিনিট মানৰ বাবেহে ফটোগ্ৰাফী তোলাৰ অনুমতি প্ৰদান কৰিছিল।

যদিও ভিডিঅ’গ্ৰাফী তথা ফটোগ্ৰাফী নিষিদ্ধ আছিল কিন্তু ছবি অকাঁৰ বাবে নিষিদ্ধ কৰা হোৱা নাছিল। ম্যানহাটান আদালত কক্ষত সেইদিনা প্ৰৱেশৰ অনুমতিত খুব কম লোকক হে দিয়া হৈছিল। সৌভাগ্যক্ৰমে সেইদিনা স্কেচ শিল্পী জেন ৰোজেনবাৰ্গে আদালত কক্ষত প্ৰৱেশৰ অনুমতি পাইছিল। য’ত তেওঁ শুনানি চলি থকা সময়ত কেইখন মান বিশেষ ট্ৰাম্পৰ ছবি অংকণ কৰিছিল।  

জেন ৰোজেনবাৰ্গৰ স্কেচ কেইখনে এতিয়া বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰা দেখা গৈছে। স্কেচ কেইখন ৰয়টাৰ (Reuters) সংবাদ প্ৰতিষ্ঠানে নিজা ছচিয়েল মিডিয়া একাউণ্টত আপলোড কৰিছে।

যি ট্ৰাম্পে সদায় নিজৰ মন্তব্য দিবলৈ পিছ নপৰে সেই ট্ৰাম্পক স্কেচ কেইখনত নীৰৱ ট্ৰাম্পক দেখা গৈছে। যিয়ে আদালতৰ মজিয়াত কেতিয়াবাহে মাত মাতিছিল আৰু ৩৪ টা গোচৰত তেওঁ “দোষী নহয়” বুলি অনুৰোধ কৰিছিল।

ৰোজেনবাৰ্গে Reuters ৰ আগত কয় যে, “মই বহু দিন ধৰি আদালতত ট্ৰাম্পৰ স্কেচ আঁকিবলৈ বাট চাই আছিলোঁ। অৱশেষত সেই মুহূৰ্তটো আহিল! স্কেচ শিল্পীৰ আসন এটা অৰ্জন কৰাটো মোৰ বাবে ইমান সহজ নাছিল”।

লগতে তেওঁ কৈছে, সকলোবোৰ স্বাভাৱিক আছিল, কেৱল এজন প্ৰাক্তন ৰাষ্ট্ৰপতি যাৰ চেহেৰাৰ সৈতে পৃথিৱীৰ সকলোৱে পৰিচিত তেওঁ কিন্তু প্ৰচণ্ড চাপত আছিল।

ইফালে ৰোজেনবাৰ্গে সেইদিনা ট্ৰাম্পৰ নিৰাপত্তা টো আগতে দেখাতকৈ বেছি আছিল বুলিও কয়। আৰু তেওঁ কয় যে, “যেতিয়া তেওঁ ঘূৰি অভিযোগকাৰী ফালে চকু ৰখাইছিল, তেতিয়া তেওঁক সুখী দেখা নাছিলো। এইটো এটা দুখৰ মুহূৰ্ত আছিল। মই সেই মুহূত্বটো ধৰি ৰাখিব লাগিছিল।”

উল্লেখযোগ্য যে, আমেৰিকাৰ ২৩৪ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে এজন প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে অপৰাধমূলক গোচৰৰ সন্মুখীন হৈছে। ট্ৰাম্পৰ বিৰুদ্ধে ২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত পৰ্ণষ্টাৰ ষ্টৰ্মি ডেনিয়েলছৰ সৈতে তেওঁৰ যৌন সম্পৰ্ক লুকুৱাবলৈ ধন পৰিশোধ কৰাৰ অভিযোগ আছে। ইয়াৰ বাবে, তেওঁলোকে নিৰ্বাচনী বাবে খৰচ কৰা ধনৰ তথ্য মিছা কৈ দাখিল কৰিছিল। আইনী ভাষাত, ইয়াক ব্যৱসায়িক প্ৰৱঞ্চনা বুলি কোৱা হৈছে।

ট্ৰাম্পক আদালতে ৩৪ টা গোচৰত অভিযোগত অভিযুক্ত কৰিছে। ট্ৰাম্পৰ পৰৱৰ্তী শুনানিৰ বাবে ম্যানহাটান আদালত ৪ ডিচেম্বৰ দিনটো ধাৰ্য কৰিছে।

লগতে পঢ়ক – অপেক্ষাৰ অন্ত, নতুন সোৱাদেৰে মুকলি হ’ল Pushpa 2–The Rule ৰ Teaser

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply