নিউজ ডেস্কঃ মাতৃ হ’বলৈ ওলাইছে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী সোনম কাপুৰ। ছচিয়েল মিডিয়াত স্বামী আনন্দ আহুজাৰ সৈতে কেইখনমান ফটো শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰে অভিনেত্ৰীগৰাকীয়ে।
অভিনেত্ৰী সোনমে ছচিয়েল মিডিয়াত ফটো কেইখন শ্বেয়াৰ কৰি লিখিছে- ‘To raise you the very best we can. Two hearts. That will beat in unison with yours, every step of the way. One family. Who will shower you with love and support. We can’t wait to welcome you.’
সোনম কাপুৰৰ এই পোষ্টটোৰ পাছতে বলিউডৰ বহু কেইগৰাকী তাৰকাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কমেন্ট কৰা পৰিলক্ষিত হৈছে। অভিনেত্ৰী ভূমি পেডনেকৰে সোনম আৰু আনন্দক শুভেচ্ছা জ্ঞাপন কৰিছে।
লগতে দম্পতীহালক শুভেচ্ছা জনাইছে একতা কাপুৰ, জাহ্নবী কাপুৰ, কৰিণা কাপুৰ, ৰবিনা টণ্ডন, কৰিশ্মা কাপুৰকে ধৰি বহু কেইগৰাকী বলিউডৰ অভিনেতা-অভিনেত্ৰীয়ে। উল্লেখ্য যে, সোনম কাপুৰে ২০১৮ত আনন্দ আহুজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।