সোণাৰিঃ নগাভূমিত এতিয়াও অব্যাহত আছে ক্ষোভ। ম’ন জিলাৰ অ’টিংবস্তিৰ নাৰকীয় কাণ্ডৰ উচিত বিচাৰ নোহোৱা পৰ্য্যন্ত ক্ষান্ত নহয় জনতা। নগালেণ্ডৰ অন্যতম বৃহৎ শক্তিশালী সংগঠন ‘কন্যাক ইউনিয়নে” জাৰি কৰিছে নতুন জাননী।

নগালেণ্ডৰ অ’টিংবস্তিত সেনাৰ গুলীত নিহত ১৪ জন লোকে ন্যায় নোপোৱা পৰ্যন্ত সমগ্র ম’ন জিলাত সেনাৰ কনভয় আৰু তহল (পেট্ৰলিং)ত নিষেধাজ্ঞা কন্যাক ইউনিয়নৰ।

ম’ন জিলাত সেনাৰ নিযুক্তি বন্ধ কৰাৰ লগতে ‘কন্যাক’ জনগোষ্ঠীৰ কোনো যুৱকে অংশগ্ৰহণ নকৰে সেনাৰ নিযুক্তি প্ৰক্ৰিয়াত।

যিসকল নগা লোকে সেনা শিবিৰ স্থাপন কৰিবলৈ সেনাক মাটি ভাড়া দি ৰাখিছে তেওঁলোকক সেই মাটি মুকলি কৰিবলৈ নিৰ্দেশনা দিছে কন্যাক ইউনিয়নে।

সেনাৰ লগত যোগাযোগ নাৰাখিবলৈ ম’ন জিলাৰ বাসিন্দাসকললৈ জাননী জাৰি কন্যাক ইউনিয়নৰ।

সেনাবাহিনীৰ তৰফৰপৰা কন্যাক গাঁও তথা শিক্ষাৰ্থীলৈ দিয়া সকলোধৰণৰ সাহাৰ্য্য প্ৰত্যাখ্যান কন্যাক ইউনিয়নৰ।

চাৰি ডিচেম্বৰত সংঘটিত নাৰকীয় কাণ্ডৰ উচিত ন্যায় নোপোৱালৈকে ম’ন জিলাৰ সকলো চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান তথা যান-বাহনত ক’লা পতাকা উৰুৱাই ৰখাৰ নিৰ্দেশ।

লগতে পঢ়ক-বেংকৰ নথি জালিয়াতি কৰি আৰক্ষীৰ জালত দুই যুৱক

আনহাতে, পূৰ্বে নিৰ্ধাৰিত বিবাহ তথা মাংগলিক অনুষ্ঠানৰ বাদে আন কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, নৈশ বজাৰ, বনভোজ আদি ম’ন জিলাত নিষেধ কৰা হৈছে অ’টিংবস্তিত কাণ্ডৰ দোষীক বিচাৰি শাস্তি নিদিয়ালৈকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply