নিউজ ডেস্কঃ কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধীক দিল্লীৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰোৱা হৈছে। কোভিড জনিত সমস্যাৰ বাবে দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ছোনিয়া গান্ধীক।
তেওঁৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও চিকিৎসালয়ত পৰ্যবেক্ষণত ৰখা হৈছে বুলি এক টুইট যোগে দলৰ মুখপাত্ৰ ৰণদ্বীপ সূৰ্যেৱালাই সদৰী কৰিছে।
কিছুদিনৰ পৰা ছোনিয়া গান্ধী জ্বৰত আক্ৰান্ত হৈ আছিল। ২জুনত ছোনিয়া গান্ধীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল। কৰোনাত আক্ৰান্ত হোৱাৰ পিছৰে তেওঁ নিজকে কোৱাৰেন্টাইনত ৰাখিছিল আৰু চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল। দেওবাৰে স্বাস্থ্যৰ অৱনতি হোৱাত দিল্লীৰ গংগাৰাম হস্পিতালত ভৰ্তি কৰোৱা হয়।
কংগ্ৰেছ নেত্ৰী গৰাকীৰ অসুস্থাত তৃণমূল প্ৰধান মমতা বেনাৰ্জীয়ে দ্ৰুত আৰোগ্যৰ কামনা কৰে। তেওঁ টুইট কৰি কয় যে, ” জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক কোভিড সম্পৰ্কীয় সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ খবৰ পাইছো। আমি সকলোৱে তেওঁৰ আশু আৰোগ্য কামনা কৰিছো। ঈশ্বৰে মংগল কৰক। ”