নিউজ ডেস্কঃ উত্তৰপ্ৰদেশত বলি আছে নিৰ্বাচনী বতাহ। তাৰমাজতে সোমবাৰে বৰ্ছুৱলীত এক ৰেলীত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধীয়ে। এই ৰেলীত অংশ লৈ যোগী আদিত্য নাথ চৰকাৰ আৰু নৰেন্দ্ৰ মোডীৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

ছোনিয়া গান্ধীয়ে কয়- ‘কোৰোনা কালত লকডাউনৰ সময়চোৱাত সকলো ব্যৱসায় বন্ধ হৈ আছিল আৰু হাজাৰ হাজাৰ লোকে খোজকাঢ়ি নিজৰ ঘৰলৈ উভতি যাবলগীয়া হৈছিল। কিন্তু মোডী-যোগী চৰকাৰে এই ক্ষেত্ৰত কোনো দায়িত্ব গ্ৰহণ নকৰিলে। তেওঁলোকৰ চৰকাৰে চকু মুদি থাকিল। কোনো ধৰণৰ সুবিধাও প্ৰদান নকৰিলে তেওঁলোকে।’

উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা ৰাজ্য উত্তৰপ্ৰদেশত চলি আছে বিধানসভা নিৰ্বাচন। ৭টা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনৰ ইতিমধ্যে ৩টা পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply