নিউজ ডেস্ক- আৰ্তজনৰ সহায়ৰ অন্য এক নাম যেন বলিউড অভিনেতা ছনু ছুড।

দেশজুৰি চলা লকডাউনৰ সময়চোৱাত বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিক সকলক সম্পূৰ্ণ নিজা খৰছেৰে ঘৰলৈ পঠাই হৈ পৰিছিল দেশৰ প্ৰকৃত হিৰ’।

বিশেষ ৰে’ল বিশেষ বাছ আৰু বিশেষ উৰা জাহাজেৰে ছনুয়ে হাজাৰ হাজাৰ মানুহক নিজৰ ঘৰলৈ পঠালে ।

আৰু পঢ়কঃ ক’ভিড ভেকচিন লোৱাৰ এদিনৰ পাছতেই ক’ৰোনাত আক্ৰান্ত পাক প্ৰধানমন্ত্ৰী ইমৰাণ খান


সেই সময়ত চনু হৈ পৰিছিল বহুতৰ বাবে ভগৱান স্বৰূপ।

শ্ৰমিকৰ দুখ সহ্য কৰিব নোৱাৰে চনুৱে। সেয়েহে শ্ৰমিকসকলক যিমান পাৰে সহায় কৰে চনুৱে।

লকডাউনৰ সময়ত প্ৰব্ৰজন কৰা শ্ৰমিক সকলৰ বাবে ভগবান সদৃশ হৈ পৰা ছনু ছুডলৈ বিশেষ সন্মান আগবঢ়াইছে স্পাইছ জেটৰ ফালৰ পৰা।

এখন বয়িং ৭৩৭ বিমানত অংকন কৰিছে ৰিয়েল লাইফৰ হিৰো গৰাকীৰ ছবি।

নিজৰ কোটি কোটি টকা ভাঙি বলীউদৰ অভিনেতাগৰাকীয়ে কেৱল কৰি গৈছে নিস্বাৰ্থ সহায়। কেৱল লকডাউনতে নহয় লকডাউনৰ পিছতো বহুজনলৈ আগবঢ়াইছে সহায়ৰ হাত।

এই ক্ষেত্ৰত স্পাইছ জেটৰ ফালৰ পৰা কয় যে, এইয়া ছনু ছুডলৈ স্পাইছ জেটৰ ফালৰ পৰা সামান্যতম কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে । তেখেতে কৰা মহান কামৰ বাবে তেওঁলৈ বিশেষ সন্মান প্ৰদৰ্শন কৰি এই পদক্ষেপ লোৱা হৈছে।

আৰু পঢ়কঃ চাবুৱাৰ বিশাল জনসভাত প্ৰধানমন্ত্ৰীৰ কংগ্ৰেছক ক্ষুৰদ্ধাৰ সমালোচনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply