মণিপুৰ বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে লামচাং সমষ্টিৰ বিধায়ক সোৰোখাইবাম ৰাজেন সিঙে । মণিপুৰৰ ৰাজ্যপাল লা. গণেশনে তেওঁক শপত বাক্য পাঠ কৰোৱাই। ইম্ফলৰ ৰাজভৱনৰ দৰবাৰ হলত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে তত্বাৱধায়ক মুখ্যমন্ত্ৰী এন বীৰেন সিং, থ বিশ্বজিৎ সিং, ৱাই খেমচান্দ সিং, গোবিন্দছ কন্থৌজাম, ডিজিপিৰ মুখ্য সচিব এল সুশিন্দ্ৰো সিং আৰু শীৰ্ষ বিষয়াসকল।
বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে যদিও মন্ত্ৰীসভা গঠনৰ ক্ষেত্ৰত কিছু সমস্যা আৰম্ভ হোৱা বুলি প্ৰচাৰ হৈছে। শপত গ্ৰহণ অনুষ্ঠানৰ পিছত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে কথা পাতি থাংগাম বিশ্বজিৎ সিঙে কয় যে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বিষয়ে কিছুমান ভিত্তিহীন বাতৰি আহি আছে। বিজেপিৰ নিৰ্বাচিত সদস্যসকলৰ ভিতৰত কোনো মতানৈক্য নাই। সকলো সদস্যই দলৰ সংসদীয় পৰিষদে লোৱা সিদ্ধান্ত মানি চলিব আৰু কেইদিনমানৰ ভিতৰতে স্পষ্ট হ’ব ৰাজ্যখনত নতুন চৰকাৰৰ নেতৃত্ব কোনে ল’ব।