নিউজ ডেস্ক : ক’ভিডত আক্রান্ত বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বর্তমানৰ বি চি চি আইৰ অধ্যক্ষ গৰাকীক। সৌৰভ গাংগুলীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে।

অ’মিক্ৰনৰ সন্ত্ৰাসৰ মাজতে অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে দেশত নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকো আক্রান্ত হৈ আছে ক’ভিডত।

ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পিছতো ক’ভিডত আক্রান্ত হৈছে ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমানৰ বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলী। ক’ভিডত আক্রান্ত সৌৰভ গাংগুলীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

লগতে পঢ়ক  : হাটশিঙিমাৰীত সজাগতা ভোটাৰ ফুটবল প্ৰতিযোগিতাৰ শুভ উদ্বোধন

কলকতাৰ উডলেণ্ড হাস্পতালত ভৰ্তি কৰোৱা হৈছে সৌৰভ গাংগুলীক। সোমবাৰে নিশাৰ ভাগত সৌৰভ গাংগুলীক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত। সৌৰভ গাংগুলীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply