নিউজ ডেস্ক: ভাৰতকে ধৰি বিভিন্ন দেশত ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰে দেশখনত ৬ লাখতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হয়।
আজি দেশখনৰ চৰকাৰে জনোৱা মতে দক্ষিণ কোৰিয়াত নতুনকৈ ৬,২১,৩২৮ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত ৪২৯ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু ঘটে।
উল্লেখযোগ্য যে এতিয়ালৈকে বিশ্বৰ কোনো এখন দেশতে এদিনত ইমান সংখ্যক ক’ভিড ৰোগী ধৰা পৰা নাছিল।
চীন, হংকং, ছিংগাপুৰৰ পিছত এতিয়া দক্ষিণ কোৰিয়াত ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাকলৈ চিন্তিত হৈ পৰিছে বিশ্ব স্বাস্থ্য সংস্থা।
দক্ষিণ কোৰিয়া প্ৰশাসনে সংক্ৰমিত লোকসকলৰ অৱস্থা সংকটজনক হোৱাৰ আগতে বিপদাশংকাত থকা লোকসকলক চিনাক্ত কৰণ আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ নিৰ্দেশ দিছে।
দেশখনত এতিয়ালৈকে কোনো লকডাউন জাৰি কৰা হোৱা নাই যদিও দ্ৰুত হাৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ ক্ষিপ্ৰ আৰু জৰুৰী ব্যৱস্থা হাতত লৈছে।
লগতে পঢ়ক – International Court of Justice -ত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান ভাৰতৰ ন্যায়াধীশৰ