ৰাজ চহৰীয়া
যদি এগৰাকী চাহ দোকানী বৰ্তমান সময়ত দেশৰ প্ৰধানমন্ত্ৰী হ’ব পাৰে, তেন্তে এখন গণতান্ত্ৰিক দেশত বহু নভবা কথাও সম্ভৱ হ’ব পাৰে। গণতন্ত্ৰত এজন ব্যক্তিৰ জাতি, দেহৰ ৰং, আৰ্থিকভাৱে কিমান সবল বা আন কোনো দিশ চোৱা নহয়। কিয়নো কেৱল জনসাধাৰণেহে সিদ্ধান্ত ল’ব পাৰে যে- কোনে পৰিচালনা কৰিব দেশখন।
মঙলবাৰ অৰ্থাত ২১ জুন, ২০২২ত বিজেপিয়ে ৰাষ্ট্ৰপতি পদৰ বাবে ঘোষণা কৰে এগৰাকী প্ৰাৰ্থীৰ নাম। নাম তেওঁৰ দ্ৰৌপদী মুৰ্মূ। কিন্তু তেওঁনো কোন? কিয় তেওঁকেই ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিজেপিয়ে নিৰ্বাচন কৰিলে? তেওঁ কি কি এনে কাম কৰিছে যাৰ বাবে তেওঁ বিজেপিৰ পচন্দৰ প্ৰাৰ্থী? তদুপৰি তেওঁৰ ব্যক্তিগত জীৱনৰো বিষয়ে আজি আমি আপোনালোকক জনাম।
প্ৰথমে জনাম দ্ৰোপদী মুৰ্মূ কোন
ওড়িশ্যাৰ ময়ুৰগঞ্জ জিলাৰ বেদপোছী নামৰ এখন ভিতৰুৱা গাঁৱত ১৯৫৮চনৰ ২০ জুনত জন্মলাভ কৰিছিল দ্ৰোপদী মুৰ্মূই। তেওঁৰ পিতৃৰ নাম বিৰাঞ্চী নাৰায়ণ টুডু। মুৰ্মূ সন্থাল নামৰ এক আদিবাসী জনজাতীয় পৰিয়ালত জন্ম লাভ কৰে। অতি দৰিদ্ৰ পৰিয়ালৰ দ্ৰোপদী মুৰ্মূৰ জীৱনৰ অধিকাংশ সময়ে বহু অভাৱৰ মাজতেই পাৰ হৈছিল। কিন্তু এই কথা আমি সকলোৱে জানো যে- অভাৱেই আৱিষ্কাৰৰ মূল।
এই কথাষাৰ এইবাবেই ক’লো যে- অতি দৰিদ্ৰ পৰিয়ালত সকলো দিশৰে পৰা অভাৱৰ সন্মুখীন হোৱা দ্ৰোপদী মুৰ্মূই নিজকে সফলতাৰ শীৰ্ষত নিজকে ঠিয় কৰাইছে। যাৰ বাবে আজি তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ পচন্দৰ প্ৰাৰ্থী।
মুৰ্মূয়ে জানিছিল যে- অভাৱ ধনৰ থাকিলেও শিক্ষাৰ অভাৱ জীৱনত কেতিয়াও ৰাখিব নালাগে। সেয়েহে তেওঁ অতি পৰিশ্ৰম কৰি নিজৰ শিক্ষাৰ দিশত আগবাঢ়ি স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ভূবনেশ্বৰৰ ৰামাদেৱী মহিলা কলেজৰ পৰা তেওঁ বিএ ডিগ্ৰী লাভ কৰে। আৰু কলেজীয়া জীৱন শেষ হোৱাৰ পাছত তেওঁ ১৯৭৯চনৰ পৰা ১৯৮৩লৈকে বিদ্যুৎ বিভাগত কনিষ্ঠ সহায়িকা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে।
অৱশ্যে তাৰ পূৰ্বে ১৯৯৪চনৰ পৰা ১৯৯৭চনলৈকে তেওঁ ৰায়ৰংপুৰৰ অৰবিন্দ ইন্টিগৰেল এডুকেশ্যন চেন্টৰত এগৰাকী সহকাৰী শিক্ষয়িত্ৰী হিচাপেও সেৱা আগবঢ়াইছিল।
কিন্তু জীৱনে কাক কেতিয়া কোন দিশত আগুৱাই নিয়ে তাৰ নিশ্চিয়তা নাথাকে। কেতিয়াবা নভবা কথাও সঁচা হৈ পৰে। আৰু তেনেদৰেই এগৰাকী কনিষ্ঠ সহায়ক হিচাপে কাম কৰা মহিলাই ভৰি দিয়ে ৰাজনীতিত।
দ্ৰোপদী মুৰ্মূৰ ৰাজনৈতিক যাত্ৰা
দ্ৰোপদী মুৰ্মূ ২০০০ আৰু ২০০৪চনত দুবাৰকৈ বিজেপিৰ পৰা টিকট লাভ কৰি ৰায়ৰংপুৰ সমষ্টিৰ পৰা বিধায়িকা হিচাপে জয়ী হৈ আহে। তেতিয়া বিজেপি আৰু বিজেডিৰ মিত্ৰজোঁটৰ চৰকাৰৰ মন্ত্ৰী হৈছিল তেওঁ। দ্ৰোপদী মুৰ্মূই চাৰি বছৰৰ এই সময়চোৱাত ওড়িশ্যাৰ বাণিজ্য, পৰিবহন, মীন আৰু পশু সংসাধন বিভাগৰো মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছিল। তদুপৰি তেওঁ বিজেপি এছ টি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্যও আছিল।
তাৰপাছত আহিল ২০০৯। মন কৰিবলগীয়া যে, উক্ত বৰ্ষত নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু বিজেডিয়ে মিত্ৰজোঁট ভংগ কৰিছিল। কিন্তু তাৰপাছতো ৰায়ৰংপুৰ বিধানসভা সমষ্টিৰ পৰা পুনৰ এবাৰ জয়ী হয় দ্ৰোপদী মুৰ্মূ। ইয়াৰ পৰাই বুজিব পাৰি যে কিমান জনপ্ৰিয় আৰু এক শক্তিশালী নেত্ৰী তেওঁ।
দ্ৰোপদী মুৰ্মূয়ে তাৰপাছত ১৮ মে’, ২০১৫ত ঝাৰখণ্ডৰ নৱম সংখ্যক ৰাজ্যপাল হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ ২০১৫ চনৰ পৰা ২০২১ৰ ১২ জুলাই লৈ ৰাজ্যখনৰ ৰাজ্যপাল হিচাপে নিজৰ দায়িত্ব পালন কৰে। আৰু উল্লেখ কৰাৰ প্ৰয়োজন যে, দ্ৰোপদী মুৰ্মূই হৈছে ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল।
২০০৭চনত দ্ৰোপদী মুৰ্মূক ওড়িশ্যা বিধানসভাৰ Best MLA of the Year সন্মানেৰে সন্মানিত কৰা হৈছিল। আৰু পূৰ্বে উল্লেখ কৰাই হৈছে যে- মুৰ্মূই ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল। তদুপৰি তেওঁ যদি ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় তেন্তে দ্ৰোপদী মুৰ্মূ হ’ব দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি। এনেধৰণৰ আৰু বহু সফলতা অৰ্জন কৰিছে দ্ৰোপদী মুৰ্মূই।
দ্ৰোপদী মুৰ্মূৰ জীৱনত এনে সময়ো আহিছিল যেতিয়া তেওঁ দুখত ভাগি পৰিছিল। শ্যাম চৰণ মুৰ্মূৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা দ্ৰোপদী মুৰ্মূৰ দুটি সন্তান আৰু এটি কন্যাৰে সুখৰ সংসাৰ আছিল। কিন্তু স্বামীৰ মৃত্যুৰ পাছতে তেওঁ হেৰুৱাই দুয়োটা সন্তানক। হয়তো দ্ৰোপদী মুৰ্মূ বাবেই ইমানবোৰ দুখে জীৱনতো আৱঁৰি ধৰাৰ পাছতো তেওঁ জানিছিল যে- কন্যাৰ প্ৰতি আছে তেওঁৰ দায়িত্ব। গতিকে তেওঁ নিজৰ সকলো দুখ নিজৰ মাজতে ৰাখি পুনৰ জীৱনটো এক প্ৰকাৰে আৰম্ভণিৰ পৰাই যেন আৰম্ভ কৰিলে। আৰু কন্যা ইতিশ্ৰীক গণেশ হেম্ব্ৰমৰ সৈতে কন্যাদান কৰে।
এটি দৰিদ্ৰ পৰিয়ালৰ মহিলাই কনিষ্ঠ সহায়িকাৰ পৰা আৰম্ভ কৰি আজি দেশৰ সৰ্বোচ্চ পদবীৰ বাবে বিজেপিৰ পচন্দৰ প্ৰাৰ্থী হৈছে। কিন্তু এয়া কেৱল কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু জীৱনত অহা সমস্যাবোৰৰ সন্মুখত ঠিয় হৈ সমাধান কৰাৰ সাহস থকা বাবেহে হৈছে। তেওঁ শিকাইছে যে- জীৱনত কেতিয়াও হাৰ মানিব নালাগে। সকলো বাধাক পাৰ কৰি নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে প্ৰতিগৰাকী ব্যক্তি। কেৱল লাগে সাহস, পৰিশ্ৰম আৰু আত্মবিশ্বাস। যি সদায় আছিল, আছে আৰু থাকিব দ্ৰোপদী মূৰ্মূৰ।