নিউজ ডেস্ক: অৰ্থনৈতিক মন্দৱস্থাই ভয়াৱহ ৰূপ ধাৰণ কৰা শ্ৰীলংকাত প্ৰায় আটাইবিলাক জনপ্ৰিয় সামাজিক মাধ্যমৰ প্লেটফৰ্ম আৰু মেছেজিং এপ ব্লক কৰা হৈছে। দেওবাৰে পুৱাৰে পৰা দেশখনত প্ৰায় সকলো ছ’চিয়েল মিডিয়া বন্ধ হৈ পৰিছে।

দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ আহ্বান মৰ্মে দূৰ-সংযোগ নিয়ামক আয়োগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব দিয়ে। পৰৱৰ্তী জাননী প্ৰকাশ নোপোৱা পৰ্য্যন্ত উক্ত সিদ্ধান্ত বাহাল থাকিব।

উক্ত সিদ্ধান্তৰ ফলত দেশখনত উক্ত সময়ছোৱাত Facebook, Messenger, YouTube, WhatsApp, Viber, Twitter, IMO, Instagram, Telegram, Snapchat আৰু TikTok কাম নকৰে।

উল্লেখযোগ্য যে যোৱা ১ এপ্ৰিলত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষেয়ে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অনাটনৰ ফলত দেশজুৰি প্ৰতিবাদ আৰু বিভিন্ন স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাষ্ট্ৰপতি ৰাজপক্ষেয়ে জৰুৰীকালী অৱস্থাৰ ঘোষণা কৰিছিল।

লগতে পঢ়ক – অসম বিশ্ববিদ্যালয়ত আভ্যন্তৰিণ আইনী পৰামৰ্শদাতাৰ পদ খালী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,596 other subscribers

Leave a comment

Leave a Reply Cancel reply