নিউজ ডেস্কঃ শ্ৰীলংকাত বৰ্তমানেও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে। এই হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে জাৰি কৰা হৈছে কাৰ্ফিউ। ইফালে, কাৰ্ফিউৰ মাজতে চৰকাৰী বিৰোধী প্ৰতিবাদকাৰীক দেখিলেই গুলীওৱাৰ নিৰ্দেশ দিয়া হৈছে।

প্ৰতিবাদকাৰীয়ে দেশখনৰ ৰাষ্ট্ৰপতিক পদত্যাগৰ বাবে দাবী জনাই আহিছে। ইতিমধ্যে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে মহিন্দা ৰাজপক্ষেয়ে।

উল্লেখ্য যে, শ্ৰীলংকাত চৰকাৰী বিৰোধী প্ৰতিবাদৰ মাজতে সংঘটিত হিংসাত্মক ঘটনাত বৰ্তমানলৈ নিহত হোৱা লোকৰ সংখ্যা ৮জনলৈ বৃদ্ধি পাইছে আৰু আহত হৈছে প্ৰায় ২৫০ জন লোক।

দেশখনৰ অৰ্থনৈতিক দুৰাৱস্থাৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাৰ পাছত তেওঁৰ বাসগৃহত প্ৰতিবাদকাৰীয়ে আক্ৰমণ চলাই আৰু মূল প্ৰৱেশ দ্বাৰত অগ্নি সংযোগ কৰি দিয়ে।

আনহাতে, ৰাষ্ট্ৰপতি হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় – ‘মই সকলো লোককে শান্ত থাকিবলৈ আৰু হিংসাত্মক ঘটনা সংঘটিত নকৰিবলৈ আহ্বান জনাইছো।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply