নিউজ ডেস্কঃ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষে সোমবাৰে পদত্যাগ কৰে। পদত্যাগ পত্ৰ প্ৰদান কৰাৰ পাছতে তেওঁৰ চৰকাৰী আবাসগৃহত হাজাৰ হাজাৰ লোকে আক্ৰমণ চলায়। 

এএফপিৰ বাতৰি অনুসৰি, সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে মহিন্দা ৰাজপক্ষেৰ বাসগৃহত আক্ৰমণ চলাই আৰু তেওঁৰ মূল প্ৰৱেশদ্বাৰখন ভাঙি দিয়ে। লগতে তেওঁৰ প্ৰৱেশদ্বাৰত অগ্নি সংযোগো কৰে।

তাৰপাছত প্ৰতিবাদকাৰী সকলক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীয়ে কন্দোৱা গেছ নিক্ষেপ কৰে। শ্ৰীলংকাৰ পৰিস্থিতি প্ৰতিদিনাই অধিক বেয়ালৈ ঢাল খাই গৈ আছে। 

ইফালে, প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপক্ষেয়ে পদত্যাগ পত্ৰত উল্লেখ কৰিছে যে- ‘মই তৎকালীনভাৱে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছো। যোৱা ৬ মে’ত অনুষ্ঠিত কেবিনেটৰ বিশেষ বৈঠকত আপোনালোকে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলো। বৈঠকখনত আপোনালোকে কৈছিল যে এখন সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব বিচাৰে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply