নিউজ ডেস্ক: অৰ্থনৈতিক সংকটে অস্থিৰ কৰি ৰখা শ্ৰীলংকাৰ সংসদত সংখ্যাগৰিষ্ঠতা হেৰোৱাইছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেৰ শাসনাধিষ্ঠ মিত্ৰজোঁটে। জৰুৰীকালীন অৱস্থা ঘোষণাৰ পিছত মঙলবাৰে সংসদত কেইবাগৰাকী সাংসদে শাসনাধিষ্ঠ মিত্ৰজোঁটৰ পৰা নিজৰ সমৰ্থন উঠাই লয়।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আজি সংসদত দেশখনৰ ৪০ গৰাকীতকৈ অধিক সাংসদে ৰাষ্ট্ৰপতি ৰাজপাক্ষেৰ Sri Lanka Podujana Peramuna (SLPP) নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ পৰা ওলাই আহে।

ইয়াৰ পূৰ্বে প্ৰধান মন্ত্ৰী মহিন্দ ৰাজপাক্ষেৰ কেবিনেটৰ ২৬ গৰাকী মন্ত্ৰীয়ে পদত্যাগ কৰাৰ মাত্ৰ এদিন পিছতে সোমবাৰে ৰাষ্ট্ৰপতি গৰাকীয়ে আগবঢ়োৱা ‘একতা চৰকাৰ’ৰ প্ৰস্তৱক বিৰোধীয়ে নাকচ কৰিছিল। উল্লেখযোগ্য যে যোৱা নিৰ্বাচনত শ্ৰীলংকাৰ বৰ্তমানৰ শাসনাধিষ্ঠ চৰকাৰে ২২৫খন আসনৰ ১৪৫খনত জয়লাভ কৰিছিল।

দেশজুৰি চলা তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদৰ হেঁচাত ২৬ গৰাকীকৈ মন্ত্ৰীয়ে পদত্যাগ কৰাৰ পিছত সোমবাৰে ৰাষ্ট্ৰপতি ৰাজপাক্ষেই নিজৰ ভাতৃ বাছিল ৰাজপাক্ষেক আঁতৰাই আলী ছাব্ৰিক নতুন বিত্ত মন্ত্ৰী হিচাপে নিয়োগ কৰিছিল যদিও মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে ছাব্ৰিয়ে বিত্ত মন্ত্ৰীৰ পদৰ পৰা পদত্যাক কৰে।

আনহাতে, নিজৰ শাসনাধিষ্ঠ মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা হেৰোৱাৰ পিছত ৰাজপাক্ষেই সংখ্যাগৰিষ্ঠতা সাব্যস্ত কৰিবলৈ সক্ষম হোৱা দলৰ হাতত চৰকাৰ গতাই দিবলৈ সাজু আছে বুলি কয় যদিও দলৰ জ্যেষ্ঠ সদস্যসকলৰ আগত তেওঁ নিজৰ পদৰ পৰা পদত্যাগ নকৰে বুলি দাবী কৰে।

লগতে পঢ়ক – দুগ্ধ উৎপাদক আৰু থলুৱা গো পালকক উৎপাদন বৃদ্ধিৰ প্ৰশিক্ষণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply