নিউজ ডেস্কঃ শ্ৰীলংকাৰ অৰ্থনৈতিক দুৰাৱস্থাৰ বাবে এতিয়া দেশখনৰ অৱস্থা অতি বেয়া। প্ৰায় দুসপ্তাহ পূৰ্বে দেশখনৰ নাগৰিকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আৰু হিংসাত্মক ঘটনা সংঘটিত কৰাৰ পাছত শ্ৰীলংকাত জাৰি কৰা হৈছিল জৰুৰীকালীন অৱস্থা।
তাৰ মাজতে শনিবাৰে শ্ৰীলংকা চৰকাৰে দেশখনত জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে। উল্লেখ্য যে, দেশখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষেয়ে এমাহৰ ভিতৰত দ্বিতীয়বাৰৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।
দেশখনত ক্ৰমান্বয়ে পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাৰ বাবে জৰুৰীকালীন অৱস্থা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শ্ৰীলংকা চৰকাৰে। উল্লেখযোগ্য য়ে, শ্ৰীলংকা চৰকাৰৰ সমৰ্থক আৰু বিৰোধীৰ মাজত প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ৯জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। আৰু ২০০ৰো অধিক লোক আহত হৈছিল।