নিউজ ডেস্কঃ কৰ্ণাটকত সোমবাৰে এখন বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত কেইগৰাকীমান ছাত্ৰীক প্ৰৱেশত বাধা দিয়া পৰিলক্ষিত হয়। এই সমগ্ৰ ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰা দেখা পোৱা গৈছে। ৰাজ্যখনৰ মাণ্ড্যা জিলাৰ এগৰাকী চৰকাৰী বিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰীক হিজাব খুলিহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব বুলি কৈ বাধা দিয়ে এগৰাকী শিক্ষয়িত্ৰীয়ে।

ছাত্ৰীগৰাকীক প্ৰৱেশত বাধা দিয়াৰ ফলত বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ সন্মুখত ছাত্ৰী কেইগৰাকীৰ অভিভাৱক আৰু শিক্ষয়িত্ৰীগৰাকীৰ মাজত তৰ্কাতৰ্কি হোৱাও দেখা যায়। পৰিস্থিতি কিছু উত্তপ্ত হয় যদিও অৱশেষত ছাত্ৰী কেইগৰাকীয়ে হিজাব খুলি বিদ্যালয়ত প্ৰৱেশ কৰে।

উল্লেখ্য যে, হিজাবৰ সমগ্ৰ ঘটনাক লৈ বৰ্তমান সময়ত উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰি থকা হৈছে। ৰাজ্য চৰকাৰে কিছুদিন পূৰ্বে হিজাবক লৈ সংঘটিত ঘটনাৰ পাছতে বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ দিছিল যদিও ন্যায়ালয়ে বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply