নিউজ ডেস্কঃ সমগ্ৰ বিশ্বতেই বায়ু প্ৰদূষণ ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষা অনুসৰি, ২০০৫চনৰ পৰা ২০১৮চনলৈ কেৱল ভাৰতৰ ৮খন চহৰত বায়ু প্ৰদূষণৰ ফলতেই লক্ষাধিক লোকে প্ৰাণ হেৰুৱাইছে। নাছা (Nasa) আৰু ইউৰোপৰ মহাকাশ গৱেষণা সংস্থাৰ কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে প্ৰস্তুত কৰা এই সমীক্ষাত এই ভয়াৱহ তথ্য লাভ কৰা হৈছে।
এই সমীক্ষা অনুসৰি, কেৱল ভাৰতৰ মুম্বাই, বাংগালুৰু, কলকাতা, হায়দৰাবাদ, চেন্নাই, সুৰত, পুনে আৰু আহমেবাদত বায়ু প্ৰদূষণৰ ফলতে এই এক লাখৰো অধিক লোকৰ মৃত্যু হৈছে। ইফালে, ব্ৰিটেইনৰ বৰ্মিঘম বিশ্ববিদ্যালয় আৰু ইউচিএলৰ গৱেষকসকলৰ নেতৃত্বত কৰা এই সমীক্ষাৰ জৰিয়তে জানিব পৰা গৈছে যে- বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ ফলত যোৱা ১৪ বছৰত সমগ্ৰ বিশ্বত প্ৰায় ১,৮০,০০০জন লোকৰ মৃত্যু হৈছে।
উল্লেখযোগ্য যে, এই সমীক্ষা কৰা চহৰ কেইখন ক্ৰমে- আহমেদাবাদ, বাংগালুৰু, চেন্নাই, চটগাঁৱ, ঢাকা, হায়দৰাবাদ, কৰাচী, কলকাতা, মুম্বাই, পুনে, সুৰত, বেংকক, হনোই, হো চি মিনহা চিটী, জাকাৰ্টা, মনীলা, নোম পেনহা, য়াংগুন, ৰিয়াদ, সনা, আবিদজান, অবুজা, অদিস অবাবা, এন্টানানাৰিৱো, বমাকো, ব্লেঁটায়ৰ, কোনাক্ৰী, ডকাৰ, দাৰ এছ চলাম, ইবাদান, কড্ডুনা, কম্পালা, কানো, খাৰ্তুম, কিগালী, কিঁশাষা, লাগোছ, লিলৌগৱে, লুৱাণ্ডা, লুবুম্বাশী, লুছাকা, মোম্বাসা, এনোজামেনা, নেৰৌবী, নিয়ামী আৰু ঔগাডৌগৌ।
আনহাতে, এই সমীক্ষা অনুসৰি দক্ষিণ এচিয়াত বায়ু প্ৰদূষণৰ সৰ্বাধিক লোকৰ মৃত্যু হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাতেই প্ৰায় ২৪ হাজাৰ লোকে হেৰুৱাইছে প্ৰাণ। তাৰ বিপৰীতে ভাৰতৰ এই ৮খন চহৰত ১ লাখৰো অধিক লোকৰ মৃত্যু হৈছে।