নিউজ ডেস্কঃ নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি একাগ্ৰতাৰে একেৰাহে কোনো কাম কৰি থাকিলে সেই কামত সফলতা অৰ্জন কৰাটো নিশ্চিত। এই উপদেশ হয়তো সকলোৱে নিজৰ জীৱনত এবাৰলৈ হ’লেও বয়োজ্যেষ্ঠ কোনো লোকৰ পৰা লাভ কৰিছেই। এই কথাষাৰেই সঁচা প্ৰমাণিত কৰিছে ছুফিয়া খানে। বৰ্তমান যুগত মহিলাই প্ৰমাণ কৰি গৈ আছে তেওঁলোকে সকলো ক্ষেত্ৰতে ইচ্ছা কৰিলে অভিলেখ গঢ়িব পাৰে।
ছুফিয়া খানে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ৰান ফৰ হোপ অৰ্থাৎ আশাৰ বাবে দৌৰ শ্লোগানেৰে ছুফিয়া খানে গল্ডেন কুৱাড্ৰিলেটেৰেলত ৬০০২ কিলোমিটাৰ দূৰত্ব দৌৰি অতিক্ৰম কৰি এই অভিলেখ ৰচিছে।
যুৱতীগৰাকীয়ে এই দূৰত্ব অতিক্ৰম কৰিছে ১১০ দিন ২৪ ঘন্টা ২৪ মিনিটত। উল্লেখ কৰাৰ প্ৰয়োজন যে, গল্ডেন কুৱাড্ৰিলেটেৰেল হৈছে দিল্লী, কলকাতা, মুম্বাই আৰু চেন্নাইক সংযুক্ত কৰা ৰাষ্ট্ৰীয় ঘাইপথ।
যোৱা ১৬ ডিচেম্বৰ, ২০২০ত ছুফিয়া খানে দিল্লীৰ পৰা এই দৌৰ অভিযান আৰম্ভ কৰে আৰু ৬ এপ্ৰিল, ২০২১ত ইয়াৰ অন্ত পৰে। ৩৫ বছৰীয়া এইগৰাকী এথলিট গৰাকীয়ে কয় যে- তেওঁ সদায় সমস্যাৰ সন্মুখীন হয় আৰু কেতিয়াও এই সমস্যা বা প্ৰত্যাহ্বানক নেওচিব নোৱাৰিব বুলি নাভাবে।
তেওঁ লগতে কয়- ‘গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত নামভৰ্তি কৰাৰ সময়ত মই বহুবাৰ আঘাতপ্ৰাপ্ত হৈছিলো। কিন্তু মোৰ লক্ষ্য আছিল যে কম সময়ত এই দূৰত্ব অতিক্ৰম কৰা।’ উল্লেখযোগ্য যে, যোৱা ২৭ মাৰ্চ, ২০২২ত তেওঁ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ ছাৰ্টিফিকেটখন লাভ কৰে।