ৰাছিয়াই ইউক্ৰেইনৰ চাৰিখন চহৰত যুদ্ধবিৰতি ঘোষণা কৰিছে । ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ লগতে মাৰিয়ুপোল, খাৰকিভ আৰু চুমিত যুদ্ধ বিৰতি ঘোষণা কৰিছে । চুমি আৰু মাৰিয়ুপোলত ভাৰতৰ বহু নাগৰিক আবদ্ধ হৈ আছে ।
এয়া দ্বিতীয়বাৰৰ বাবে ৰাছিয়াই ইউক্ৰেইনত যুদ্ধবিৰতি ঘোষণা কৰিছে। ৰাচিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সুত্ৰে এই কথা প্ৰকাশ হৈছে।প্ৰায় ৭০০ ভাৰতীয় ছাত্ৰ ছাত্ৰী বত্তমান আবদ্ধ হৈ আছে চুমী অঞ্চলত।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ মাজত বাৰ্তালাপ । ৫০ মিনিট সময় ধৰি দুই দেশ প্ৰধানৰ বাৰ্তালাপ । ইউক্ৰেইন সংকটৰ প্ৰসংগত আলোচনা কৰা হয় । ইয়াৰ লগতে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকক সুস্থভাবে উদ্ধাৰৰ প্ৰসংগটো আলোচনা হয় ।
ইয়াৰ পূৰ্বে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনেস্কিৰে প্ৰায় ৩৫ মিনিট সময় আলোচনা হয় প্ৰধানমন্ত্ৰী মোদীৰ । জেলেনেস্কিৰ আহ্বানত পুটিনৰে বাৰ্তালাপ মোদীৰ । পুটিনে জেলেনেস্কিক পোনপটীয়াকৈ আলোচনা কৰা বিচাৰে বুলি জনায় ।
ইউক্ৰেইনত আবদ্ধ ৯০জন অসমীয়া শিক্ষাৰ্থীয়ে সুকলমে দেশৰ মাটিত আহি উপস্থিত হ’লেও বৰ্তমানেও শতাধিক অসমীয়া যুদ্ধ বিধবস্ত ৰাষ্ট্ৰখনতে আবদ্ধ হৈ আছে৷ শনিবাৰে ৰাছিয়াই ‘মানৱীয় কৰিড’ৰ’ হিচাপে সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা কৰি ইউক্ৰেইনৰ মাৰিঅ’পল আৰু ভলনোভাকাৰ প্ৰদেশত আবদ্ধ বিদেশীসকলক আঁতৰি যোৱাৰ বাবে সুযোগ দিলেও ছুমী প্ৰদেশত আবদ্ধ ৩৮জন অসমীয়াসহ সাত শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে উদ্ধাৰৰ কোনো পথ বিচাৰি পোৱা নাই৷
ছুমী চিকিৎসা বিশ্ববিদ্যালয়ৰ হোষ্টেলত আবদ্ধ অসমীয়া ছাত্ৰসকলে দুদিন ধৰি লঘোণে-ভোকে থকা বুলিও পৰিয়ালৰ লোকক জানিবলৈ দিছে৷ আবদ্ধ ঋষিকেশ ডেকা নামৰ ছাত্ৰজনে পৰিয়ালৰ লোকৰ আগত প্ৰকাশ কৰা মতে দুদিন ধৰি সামান্য গাজৰ আৰু আলু সিদ্ধ কৰি খাই কোনোমতে আছে৷
তেওঁলোকে সম্প্ৰতি ভয়াৱহত খাদ্য সংকটৰ সন্মুখীন হৈছে৷ ৰাছিয়ান সেনাৰ আক্ৰমণ অব্যাহত থকা ছুমী প্ৰদেশত আবদ্ধ ভাৰতীয় ছাত্ৰসকলে মাইনাছ ৭ ডিগ্ৰী ছেলছিয়াছত বাংকাৰৰ ভিতৰত নিশা কটাব লগা হোৱা বুলিও প্ৰকাশ কৰিছে৷