নিউজ ডেস্কঃ হিণ্ডেনবাৰ্গৰ অভিযোগ তথ্য প্ৰকাশৰ পিছতেই যেন ভাৰতীয় পুঁজিপতি গৌতম আদানীৰ বেয়া দিনৰ আৰম্ভ হৈছে। তাৰ মাজতে উচ্চতম ন্যায়ালয়ত শুক্ৰবাৰে আদানী শ্বেয়াৰৰ অভিযোগ কেলংকাৰী সন্দৰ্ভত এক গোচৰ উত্থাপিত হয়। মুখ্য়তঃ গোচৰটোৰ শুনানি গ্ৰহণ কৰে মুখ্যন্যায়াধীশ ডি বাই চন্দ্রচূড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পানিবালায়ে। গোচৰটোৰ শুনানি গ্ৰহণ কৰি ভাৰতীয় বিনিয়োগকাৰী সকলৰ স্বাৰ্থ সুৰক্ষাৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠনৰ বাবে পৰামৰ্শ আগবঢ়াই।
বিচাৰপীঠে লগতে এইদৰে মন্তব্য কৰে যে, এইয়া ১৯৯০ চনৰ আগৰ ভাৰত নহয় । বৰ্তমান ভাৰতৰ শ্বেয়াৰ বজাৰত কেৱল ধনী শ্ৰেণীৰ মাজতেই সীমাবদ্ধ নাই । আজি প্ৰায় সকলো ভাৰতীয় মধ্যবিত্ত লোকৰো ই বিচৰণস্থলী। লগতে, ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (SEBI) ক ভাৰতৰ বিনিয়োগকাৰীৰ পুঁজি ভৱিষ্যতে কিদৰে সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ সন্দৰ্ভত এক পৰামৰ্শ দিবলৈ নিৰ্দেশনা প্ৰদান কৰে।
শুনানিৰ সময়ত মুখ্যন্যায়াধীশ ডি বাই চন্দ্রচূড়ে কয় যে, “তথ্য অনুসৰি কোৱা হৈছে যে ভাৰতীয় বিনিয়োগকাৰীৰ মুঠ ক্ষতিৰ পৰিমাণ কেইবালাখ কোটি টকা। আমি কিদৰে নিশ্চিত কৰিম যে ভাৰতীয় বিনিয়োগকাৰী সকল সুৰক্ষিত হৈ আছে। আমি কেনেকৈ নিশ্চিত হ’ম যে ভৱিষ্যতে এনে ঘটনা নঘটিব” । যাৰ বাবে ভৱিষ্যতে ছেবিয়ে এই সন্দৰ্ভত কি ভূমিকা গ্ৰহণ কৰিব তাৰ এক প্ৰতিবেদন সোমবাৰৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰে।
ইফালে অধিভক্তা এম এল শৰ্মাই দাখিল কৰা প্ৰতিবেদন অনুসৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে নীতিগত বিষয়ত উচ্চতম ন্যায়ালয় নোসোমোৱাৰ লগতে সেয়া চৰকাৰৰ বিষয় বুলি মন্তব্য কৰে।
উল্লেখ্যযোগ্য যে, হিণ্ডেনবাৰ্গ নামৰ গৱেষণা প্ৰতিষ্ঠান এটাই জানুৱাৰী মাহত আদানী গ্ৰুপৰ ওপৰত এক কেলেংকাৰীৰ অভিযোগ তথ্য প্ৰকাশ কৰে। তথ্য প্ৰকাশৰ পিছৰে পৰা আদানী গ্ৰুপৰ বিভিন্ন কোম্পানীৰ শ্বেয়াৰ বজাৰত বিৰোপ প্ৰভাৱ পৰা দেখা যায়। বহু ভাৰতীয় বিনিয়োগকাৰীয়ে বৰ্তমান আদানী গ্ৰুপৰ কোম্পানীৰ পৰা শ্বেয়াৰ সমূহ বিক্ৰী কৰি দিয়াৰো তথ্য আহি পৰিছে। গৌতম আদানী লগতে আদানী গ্ৰুপৰ সদস্যই হিণ্ডেনবাৰ্গৰ তথ্য মিছা বুলি প্ৰমাণ কৰিলেও বিনিয়োগকাৰীক বৰ্তমান লৈকে বিশ্বাস কৰাবলৈ সক্ষম হোৱা নাই। যাৰ বাবে ফৰ্বছৰ তথ্য অনুসৰি আদানী এতিয়া বিশ্ব তৃতীয় ধনী ব্যক্তিৰ পৰা গৈ ২২ নম্বৰ স্থানত অৱস্থান কৰিব লগীয়া হৈছে।
লগতে পঢ়ক – বল টেম্পাৰিঙৰ সৈতে জড়িত নেকি ভাৰতীয় স্পীনাৰ জাদেজা !