নিউজ ডেস্ক : দেশৰ আতচবাজি উৎপাদনকাৰীসকলৰ প্ৰতি কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। আতচবাজিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাক লৈ বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা এক গোচৰৰ শুনানিত ‘নিৰীহ লোকৰ জীৱনক অধিকাৰ’ ন্যয়ালয়ৰ বাবে অধিক গুৰুত্বপূৰ্ণ বুলি কয়।
উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে ২০১৮ চনত ফটকা তৈয়াৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত আৰোপ নিষেধাজ্ঞা উঠাই ল’বলৈ আতচবাজি প্ৰস্তুত কৰা কাৰখানাৰ স্বত্বাধিকাৰীয়ে সর্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।
আবেদনকাৰীৰ হৈ অধিবক্তাই উক্ত নিষেধাজ্ঞাৰ ফলত লক্ষ্যাধিক লোকে জীৱিকা হেৰুৱা বুলি উল্লেখ কৰি তেওঁলোকৰ কর্মসংস্থাপনৰ অধিকাৰৰ সপক্ষে যুক্তি দৰ্শাইছিল।
কিন্তু উক্ত আবেদনক লৈ হোৱা শুনানিত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এম আৰ শ্বাহ আৰু এ এই ব’পান্নাৰ বিচাৰপীঠে কয়, ‘মুষ্টিমেয় একাংশৰ বাবে আমি আন বহুতৰ জীৱনক লৈ হেতালি খেলিবলৈ দিব নোৱাৰো।’
‘আমি কর্মসংস্থাপনৰ অধিকাৰ আৰু নাগৰিকৰ জীৱন যাপনৰ অধিকাৰৰ মাজত ভাৰসাম্য বৰ্তাই ৰাখিব লাগিব। আমাৰ প্রধান লক্ষ্য হৈছে নিৰীহ লোকৰ জীৱনৰ অধিকাৰ ৰক্ষা কৰা,’ ন্যায়ালয়ে কয়।
লগতে পঢ়ক : ইকুৱেডৰৰ কাৰাগাৰত ভংয়কৰ ‘গেং ৱাৰ’; ১১৬ জন কয়দীৰ মৃত্যু, ৫ জনৰ শিৰশ্ছেদ