নিউজ ডেস্ক: কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশে বিষয়টোত বিপৰীত ৰায় প্ৰদান কৰে।

ন্যায়াধীশ হেমন্ত গুপ্তাই বিষয়টোত কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক সঠিক আখ্যা দি ৰাজ্যখনৰ বিদ্যালয়ত হিজাব নিষিদ্ধকৰণক প্ৰত্যাহ্বান জনাই দাখিল কৰা ২৬ আৱেদনক খাৰিজ কৰে।

আনহাতে ন্যায়াধীশ সুধাংশু ধুলিয়াই কৰ্ণাটক আদালতৰ ৰায়ক প্ৰত্যাখান কৰি আৱেদনকাৰীৰ পক্ষত ৰায় দিয়ে। কৰ্ণাটক উচ্চ ন্যায়ালৰ ৰায়ক এক ‘ভুল’ সিদ্ধান্ত বুলি উল্লেখ কৰি ন্যায়াধীশ ধুলিয়াই কয় এজন ব্যক্তিৰ নিজা পছন্দৰ বিষয় আৰু সংবিধানৰ অনুচ্ছেদ ১৯ (১) (এ) আৰু ২৫ (১) প্ৰতিজন নাগৰিকক এই অধিকাৰ দিছে।

 “মোৰ বাবে সৰ্বাধিক গুৰুত্বপূৰ্ণ বিষয় হৈছে কন্যা শিশুৰ শিক্ষা। এইটো এটা সকলোৱে জনা কথা যে এগৰাকী কন্যা শিশু, বিশেষকৈ গ্ৰাম্যাঞ্চলৰ, যথেষ্ট সমস্যাৰ সন্মুখীন হয়, বিদ্যালয়লৈ যোৱাৰ পূৰ্বে তেওঁলোকে ঘৰুৱা কাম-কাজ কৰিবলগীয়া হয়,” ন্যায়াধীশ সুধাংশু ধুলিয়াই কয়।

“ইয়াৰ উপৰিও আৰু বহু সমস্যা আছে। আমি তেওঁলোকৰ জীৱন কিবা উন্নত কৰিব পাৰিছোনে?” তেওঁ লগতে কয়।

আনহাতে ন্যায়াধীশ হেমন্ত গুপ্তাই ধুলিয়াৰ বিপৰীতে নিজৰ মত পোষণ কৰি আবেদন খাৰিজৰ বাবে ১১ টা বিশেষ প্ৰশ্ন উত্থাপন কৰে। দুয়ো গৰাকী ন্যায়াধীশ বিষয়টো সন্দৰ্ভত বিপৰীত মত পোষণ কৰাত বিষয়টো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সন্মুখত উপস্থাপন কৰি তিনিজনীয়া বিচাৰপীঠৰ দ্বাৰা শুনানিৰ বাবে সহমতত উপনীত হয়।

উল্লেখ্য যে চলিত বৰ্ৰষৰ ৫ ফেব্ৰুৱাৰীত কৰ্ণাটক চৰকাৰে ৰাজ্যখনৰ শিক্ষানুষ্ঠানত ছাত্ৰীসকলক হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

ৰাজ্য চৰকাৰৰ উক্ত সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল আৰু উচ্চ ন্যায়ালয়ে উক্ত আৱেদন খাৰিজ কৰি কৰ্ণাটক চৰকাৰৰ পক্ষত ৰায়দান কৰিছিল।

পিছত কৰ্ণাটক উচ্চ ন্যায়লয়ৰ ৰায়ৰ বিৰোধিতাত শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ২৬ আৱেদন প্ৰদান কৰা হৈছিল।

লগতে পঢ়ক – গুৱাহাটীত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply