নিউজ ডেস্কঃ আজিকালি দেখা যায় দেশত যিকোনো ঘটনাৰ পৰিপ্ৰেক্ষিতত, প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ইণ্টাৰনেট কৰ্তন কৰে । সেইয়া ৰাজনৈতিক হিংসাই হওঁক বা কোনো পৰীক্ষাতেই হওঁক। কিছু ঠাইত, কেইবাদিনো ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে  Software Freedom Law Centreৰ দ্বাৰা দাখিল কৰা আবেদনৰ ভিত্তিত ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়লৈ এক জাননী জাৰি কৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰৱঞ্চনা প্ৰতিৰোধ কৰাৰ লগতে এনে ধৰণৰ অন্যান্য নিয়মীয়া প্ৰশাসনিক কাৰণত ৰাজ্যসমূহত ইণ্টাৰনেট সেৱা স্থগিত নকৰিবলৈ নিৰ্দেশ দিয়ে।

শেহতীয়াকৈ, প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময়ত পশ্চিম বংগ, অৰুণাচল প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানৰ বিভিন্ন স্থানত ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছিল। আনকি অসমতো নিযুক্তি পৰীক্ষাৰ বাবে চাৰি ঘন্টা ইন্টাৰনেট কৰ্তন কৰা হৈছিল। এই বিষয়টোৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এক সংগঠনে এটা ৰাজহুৱা স্বাৰ্থৰ মোকৰ্দমা দাখিল কৰিছে। তেওঁলোকৰ প্ৰশ্ন আছিল, এটা এলেকাত হঠাতে ইণ্টাৰনেট বন্ধ কৰাৰ কোনো নিয়ম আছে নেকি? এইটো দাবী কৰা হৈছে যে এই সিদ্ধান্তই মৌলিক অধিকাৰক আঘাত হানিছে।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ এক খণ্ড বিচাৰপীঠে ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়লৈ পৰা সঁহাৰি বিচাৰিছিল, আবেদনকাৰীয়ে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত কোনো মানক প্ৰটোকল আছে নেকি সূচিত কৰি এখন শপতনামা দাখিল কৰিবলৈ কৈছিল।

আৱেদনখনত কোৱা হৈছিল যে  Software Freedom Law Centreএ টেলকম সেৱা বন্ধৰ স্বেচ্ছাচাৰী আৰু অন্যায় প্ৰথা বন্ধ কৰাৰ লক্ষ্যৰে আদালতৰ কাষ চাপিছে, কিয়নো ই আইনৰো বিপৰীত।

” ইন্টাৰনেট সেৱা কৰ্তন কৰা মানে সমতাৰ অধিকাৰ, বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ, গোপনীয়তাৰ অধিকাৰ, বাণিজ্যৰ স্বাধীনতাৰ অধিকাৰ, জীৱনৰ অধিকাৰ, খাদ্যৰ অধিকাৰ, আইনী প্ৰতিকাৰ প্ৰাপ্ত কৰাৰ অধিকাৰ আৰু শিক্ষাৰ অধিকাৰ, ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৪, ১৯ আৰু ২১ ৰ অধীনত নিশ্চিত কৰা মৌলিক অধিকাৰৰ উলংঘন কৰা হৈছে।”

ইয়াত লগতে কোৱা হৈছে, “একাধিক জিলাত ইণ্টাৰনেট সেৱা স্থগিত ৰখাটোৱে অৰ্থনৈতিক কাৰ্যকলাপ আৰু লাখ লাখ নাগৰিকৰ জীৱিকাৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলায় ।”

সেয়েহে, আবেদনখনে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক পৰীক্ষাত অসৎ উপায় প্ৰতিৰোধ কৰাৰ ভিত্তিত আৰু এনে অন্যান্য নিয়মীয়া প্ৰশাসনিক কাৰণত ইণ্টাৰনেট সেৱা স্থগিত নকৰিবলৈ আৰু পৰীক্ষাত অসৎ উপায় প্ৰতিহত কৰিবলৈ টেলিকম আৰু ইণ্টাৰনেট সেৱা স্থগিত ৰখাৰ বাবে দিয়া সকলো আদেশ প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply