নিউজ ডেস্কঃ দিল্লীৰ যন্তৰ মন্তৰত মহিলা মল্লযোদ্ধা সকলৰ প্ৰতিবাদ আজি তৃতীয় দিনাও অব্যাহত আছে। ইফালে, উচ্চতম ন্যায়ালয়ে ৭ গৰাকী মহিলা মল্লযোদ্ধাৰ আবেদনৰ শুনানিৰ বাবে সন্মতি জনাই। উচ্চতম ন্যায়ালয়ে মহিলা মল্লযুজাৰু খেলুৱৈ সকলে অনা অভিযোগটো গুৰুতৰ আৰু এই বোৰ বিবেচনা কৰাৰ প্ৰয়োজন বুলি কয়। বিষয়টো এতিয়া শুক্ৰবাৰে শুনানি হ’ব।
উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে এতিয়ালৈকে কুস্তি ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি তথা বিজেপি সাংসদ ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন নকৰাৰ বাবে দিল্লী আৰক্ষীক জাননী জাৰি কৰিছে। ইয়াৰ উপৰিও, উচ্চতম ন্যায়ালয়ে ৭ গৰাকী মহিলা অভিযোগকাৰীৰ নাম ন্যায়িক ৰেকৰ্ডৰ পৰা আঁতৰাবলৈ কয় যাতে তেওঁলোকৰ পৰিচয় প্ৰকাশ নহয়।
মল্লযুজাৰু খেলুৱৈসকলৰ অধিবক্তা নৰেন্দ্ৰ হুডাই কয়, আমি অভিযুক্ত ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰাথমিক এজাহাৰ দাখিল কৰিবলৈ নিৰ্দেশনা বিচাৰিছিলো। গুৰুতৰ অভিযোগ থকা স্বত্বেও, দিল্লী আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো এজাহাৰ পঞ্জীয়ন কৰা নাছিল। উচ্চতম ন্যায়ালয়ে বিষয়টো গুৰুতৰ বুলি বিচাৰি পাইছে। যাৰ বাবে ন্যায়ালয়ে দিল্লী চৰকাৰ আৰু দিল্লী আৰক্ষীক জাননী জাৰি কৰি এজাহাৰ পঞ্জীয়ন নকৰাক লৈ উত্তৰ বিচাৰিছে।
উচ্চতম ন্যায়ালয়ে আবেদনৰ শুনানি দিয়াৰ পিছত অভিযুক্ত ব্ৰিজ ভূষণ শৰণ সিঙে কয় যে, বিষয়টো যিহেতু উচ্চতম ন্যায়ালয়ত আছে, গতিকে ইয়াৰ ওপৰত কিয় ক’ব লাগে। উচ্চতম ন্যায়ালয়ে কি কৰিব লাগে সিদ্ধান্ত ল’ব।
ইফালে, তিনিদিন ধৰি প্ৰতিবাদত বহি থকা মল্লযুজাৰু বজৰং পুনিয়াই অভিযোগ কৰিছে যে ডব্লিউএফআইৰ মুৰব্বী ব্ৰিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰা এগৰাকী নাবালক মল্লযোদ্ধাকে ধৰি সাতগৰাকী মহিলা মল্লযোদ্ধাক অভিযোগটো প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰোৱা হৈছে। কিছুমান ডব্লিউএফআই মানুহে এই মল্লযোদ্ধাসকলৰ কাষ চাপিছে আৰু তেওঁলোকক টকা দিবলৈ যত্ন কৰিছে।
বজৰঙ পুনিয়াৰ উপৰিও বিনেশ ফোগাট আৰু সাক্ষী মালিকে লগতে কয় যে ব্ৰিজ ভূষণ সিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা সাত গৰাকী মল্লযোদ্ধাৰ জীৱনৰ প্ৰতি ভাবুকি আছে।
লগতে পঢ়ক – কেলেৰাত দেশৰ প্ৰথমখন ৱাটাৰ মেট্ৰ’ সেৱাৰ শুভাৰম্ভ