নিউজ ডেস্ক: উচ্চতম ন্যায়ালয়ে বুধবাৰে শিক্ষা আৰু চৰকাৰী চাকৰিত আৰ্থিকভাৱে পিছপৰা শ্ৰেণী (EWS)-ক ১০ শতাংশ সংৰক্ষণ প্ৰদানৰ সংবিধান সংশোধনীক বৈধ ঘোষণা কৰিছে।

আজি উচ্চতম ন্যায়ালয়ৰ এখন পাঁজনীয়া সংবিধান পীঠে ৩:২ সংখ্যাগৰিষ্ঠতাৰে ১০৩ সংখ্যক সংবিধান সংশোধন অধিনিয়মৰ বৈধতা বাহাল ৰাখে। বিচাৰপীঠে উক্ত সংশোধন সংবিধানৰ মূল ভাবৰ পৰিপন্থী নহয় বুলি মন্তব্য আগবঢ়ায়।

পাঁচ গৰাকী ন্যায়াধীশৰ ভিতৰত মুখ্য ন্যায়াধীশ ইউ ইউ ললিত আৰু ন্যায়াধীশ ৰবীন্দ্ৰ ভাটে EWS সংৰক্ষণৰ বিপক্ষে নিজৰ ৰায় প্ৰদান কৰাৰ বিপৰীতে ন্যায়াধীশ দীনেশ মাহেশ্বৰী, ন্যায়াধীশ বেলা ত্ৰিবেদী, ন্যায়াধীশ জে বি পাৰদিৱালাই EWS সংৰক্ষণৰ সমৰ্থনত ৰায় প্ৰদান কৰে।

উল্লেখযযোগ্য যে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ১০৩ সংখ্যক সংবিধান সংশোধনৰ প্ৰস্তাৱ আনিছিল। মধ্য প্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিৰ পৰাজয়ৰ পিছত কেন্দ্ৰীয় চৰকাৰে উক্ত অধিনিয়ম কাৰ্যকৰী কৰিছিল যদিও বিষয়টো পিছত উচ্চতম ন্যায়ালয়লৈ গুচি যায়।

আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ সংৰক্ষণ সন্দৰ্ভত আজি উচ্চতম ন্যয়ালয়ে প্ৰদান কৰা উক্ত ৰায় মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ বাবে এক বৃহৎ বিজয় হিচাপে বিবেচিত হৈছে।

লগতে পঢ়ক – অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা, নিজৰ ভাষা: য়েছে দৰজে ঠংচি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply