নিউজ ডেস্কঃ এতিয়াৰে পৰা কেন্দ্ৰীয় চৰকাৰে মন গ’লেই মুখ্য নিৰ্বাচনী আয়ুক্তক নিৰ্বাচন কৰিব নোৱাৰিব।

মুখ্য নিৰ্বাচনী আয়ুক্তক নিৰ্বাচনী ক্ষেত্ৰত দেশৰ সৰ্ব্বোচ ন্যায়ালয়ে দিলে ঐতিহাসিক সিদ্ধান্ত। এতিয়াৰ পৰা প্ৰধানমন্ত্ৰী, লোকসভাৰ বিৰোধী দলপতি আৰু দেশৰ মুখ্য ন্যায়াধীশে মিলি নিৰ্বাচন কৰিব মুখ্য নিৰ্বাচনী আয়ুক্তক।

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে দিলে এই ঐতিহাসিক সিদ্ধান্ত । বিচাৰপীঠত আছিল ন্যায়াধীশ কে এম জোচেফ, ন্যায়াধীশ অজয় ​​ৰস্তোগী, ন্যায়াধীশ অনিৰুদ্ধ বসু, ন্যায়াধীশ হৃষিকেশ ৰায় আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰ।

ন্যায়াধীশ কে এম জোচেফে ৰায় প্ৰদান কৰি কয় যে, গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ নিৰ্বাচনী প্ৰক্ৰিয়াৰ শুদ্ধতা বজাই ৰাখিব লাগিব অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’ব।

লগতে পঢ়ক – ৰাজ্যত আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply