নিউজ ডেস্ক : মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিগৰাকী মহিলাকে ধৰি নগৰাকী নতুন ন্যায়াধীশে শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ৰ অতিৰিক্ত ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত নতুন ন্যায়াধীশসকলক শপত বাক্য পাঠ কৰাই ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই।
শপত গ্ৰহণ কৰা নগৰাকী নতুন ন্যায়াধীশ হৈছে ক্ৰমে ন্যায়াধীশ অভয় শ্ৰীনিৱাস অকা (কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ), ন্যায়াধীশ বিক্ৰম নাথ (গুজৰাট উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ), ন্যায়াধীশ জিতেন্দ্ৰ কুমাৰ মহেশ্বৰী (ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ), ন্যায়াধীশ হিমা কোহলী (তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ) আৰু ন্যায়াধীশ বি ভি নাগাৰাথনা (কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ)। তেওঁলোকৰ উপৰিও ন্যায়াধীশ চি টি ৰবিকুমাৰ (কেৰালা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ), ন্যায়াধীশ এম এম সুন্দ্ৰেশ (মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ), ন্যায়াধীশ বেলা এম ত্ৰিবেদী (গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ) আৰু ন্যায়াধীশ পি এছ নৰসিংহ (জ্যেষ্ঠ অধিবক্তা)ই শপত গ্ৰহণ কৰে।
এইকেইগৰাকী ন্যায়াধীশৰ শপত গ্ৰহণৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি শীৰ্ষ আদালতত ন্যায়াধীশৰ সংখ্যা ৩৩ জনলৈ বৃদ্ধি পায়। উল্লেখ্য যে, নতুনকৈ শপত গ্ৰহণ কৰা ন্যায়াধীশ ক্ৰমে বিক্ৰম নাথ , বি ভি নাগাৰাথনা আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ মাজৰ এগৰাকীয়েই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক : ভাদ মহীয়া বানত ডুবিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশ অঞ্চল
এই শপত গ্ৰহণ অনুষ্ঠানত মহিলা ন্যায়াধীশ বি ভি নাগাৰাথনায়ে শপত গ্ৰহণ কৰাৰ লগে লগে দেশে ২০২৭ চনত প্ৰথমগৰাকী মহিলা মুখ্য ন্যায়াধীশ লাভ কৰাৰ বাট মুকলি হ’ল। ২০২৭ চনত বি ভি নাগাৰাথনা জ্যষ্ঠতাৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব। অৱশ্যে তেওঁ মাত্ৰ ৩৬ টা দিনহে মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব পালনৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে বি ভি নাগাৰাথনাৰ পিতৃ ই এছ ভেংকটাৰামাও আছিল দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ।