নিউজ ডেস্কঃ সুশান্ত সিং ৰাজপুত ড্ৰাগছ কাণ্ডত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীসহ ৩৩ গৰাকী অভিযুক্তৰ বিৰুদ্ধে প্ৰায় ১২ হাজাৰ পৃষ্ঠাজোৰা এক চাৰ্জশ্বীট দাখিল কৰা হৈছে। এনচিবিয়ে শুকুৰবাৰে মুম্বাইৰ এনটিপিএছ আদালতত অপৰাধ সংখ্যা এমজেডইউ/১৬/২০২০ নম্বৰত এই চাৰ্জশ্বীট দাখিল কৰে।

উল্লেখ্য যে, ইয়াৰে ৮ গৰাকী লোক এতিয়াও ন্যায়িক জিম্মাতেই আছে। ইফালে, বাকী ২৫গৰাকী অভিযুক্তই ইতিমধ্যে লাভ কৰিছে জামিন। লগতে এনচিবিয়ে ন্যায়ালয়ক জনাই যে- আৰু বহু কেইগৰাকীৰ লোকৰ বিৰুদ্ধে তদন্ত চলি আছে।

এনচিবিয়ে জনাইছে যে- তদন্তৰ সময়চোৱাত ড্ৰাগছ, ইলেক্ট্ৰনিক সামগ্ৰী আৰু ভাৰতকে ধৰি বহু কেইখন বহিঃৰাষ্ট্ৰৰ নগদ ধন জব্দ কৰা হৈছে। জব্দ কৰা মোবাইল তথা আনবোৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ জৰিয়তে ড্ৰাগছ কিনা-বেচা, ড্ৰাগছ ৰখা আৰু ব্যৱহাৰ সন্দৰ্ভত বহু তথ্য লাভ কৰিছে এনচিবিয়ে।

উল্লেখযোগ্য যে, ২০২১চনৰ ১৪ জুন তাৰিখে মুম্বাইস্থিত বাসগৃহত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃতদেহ। প্ৰথমে এই ঘটনাক আত্মহত্যা বুলি ভবা হৈছিল যদিও পাছলৈ এই ঘটনাৰ সৈতে ড্ৰাগছ তথা অৰ্থনৈতিক অপৰাধৰ দিশটোও সাঙোৰ খাই পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply