নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰই দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি অহা ১২ এপ্ৰিলত বৰ্তমানৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই অৱসৰ গ্ৰহণ কৰাৰ এদিন পিছত ১৩ এপ্ৰিলত চন্দ্ৰই দায়িত্বভাৰ ল’ব।
যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে, ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰিত নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰা সুশীল চন্দ্ৰ বৰ্তমান নিৰ্বাচনী আয়োগৰ জ্যেষ্ঠতম আয়ুক্ত।
উল্লেখযোগ্য যে নিয়ম অনুসৰি নিৰ্বাচনী আয়োগৰ আটাইতকৈ জ্যেষ্ঠ আয়ুক্ত গৰাকীক মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব অৰ্পন কৰা হয়।
২০২২ চনৰ ১৪ মে’ত তেওঁ অৱসৰ গ্ৰহণ কৰিব।
তেওঁৰ অধীনত নিৰ্বাচনী আয়োগে গোৱা, মণিপুৰ, উত্তৰাখণ্ড, পাঞ্জাব আৰু উত্তৰ-প্ৰদেশৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিব।
অহা বছৰৰ মাৰ্চ মাহতত উত্তৰ-প্ৰদেশক বাদ দি ওপৰৰ বাকী কেইখন ৰাজ্যত বিধানসভা নিৰ্বাচন অন্ত পৰিব। উত্তৰ-প্ৰদেশত ১৪ মে’ত নিৰ্বাচন অন্ত পৰিব।