নিউজ ডেস্ক : নতুন দিল্লীৰ সমীপৰ গ্ৰেটাৰ নইডাত ছুইগিৰ এজন ফুড ডেলিভাৰী এজেণ্টে এখন ৰেষ্টোৰেণ্টৰ গৰাকীক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা অৰ্ডাৰ প্ৰস্তুত কৰাত পলম কৰাৰ বাবেই ডেলিভাৰী এজেণ্টজনে লোকজনক গুলীয়াই হত্যা কৰে।
নিহত লোকজনক গ্ৰেটাৰ নইডাস্থিত মিত্ৰ নামৰ এখন ৰেষ্টোৰেণ্টৰ মালিক সুনীল আগৰৱালা বুলি চিনাক্ত কৰা হৈছে।
প্ৰাপ্ত তথ্য মতে ডেলিভাৰী এজেণ্ট জনে অৰ্ডাৰ দি থোৱা চিকেন বিৰিয়ানী আৰু পুৰি ছবজি নিবলৈ আহোতে ৰেষ্টোৰেণ্টখনৰ কৰ্মচাৰীয়ে তেওঁক কিছু পলম হ’ব বুলি কোৱাত এজেণ্ট গৰাকীয়ে কৰ্মচাৰীজনক গালি-গালাজ পাৰিবলৈ ধৰে।
সেই সময়তে ৰেষ্টোৰেণ্টখনৰ মালিক সুনীল আগৰৱালাই তেওঁলোকৰ মাজত হস্তক্ষেপ কৰি বিষয়টো মিমাংসা কৰিবলৈ চেষ্টা চলাইছিল যদিও ছুইগি এজেণ্টজনে তেওঁৰ ওপৰত গুলীচালনা কৰে।
লোকজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
আৰক্ষীয়ে ঘটনা সংঘটিত হোৱা ৰেষ্টোৰেণ্টখনৰ চিচি টিভি ফুটেজ পৰীক্ষা কৰাৰ লগতে ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক : অহা দুই ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে মুকলি হ’ব চতিয়াৰ নাগশংকৰৰ ষ্টেডিয়াম