নিউজ ডেস্ক: অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত T-20 বিশ্বকাপ ছুপাৰ ১২-ৰ অন্তিমখন খেলত আজি ভাৰতে জিম্বাবুৱেৰ বিৰুদ্ধে ৭১ ৰাণত বিজয় সাব্যস্ত কৰে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ ৫টা উইকেটৰ বিনিময়ত ১৮৬ ৰাণ সংগ্ৰহ কৰে।
এই বৃহৎ ৰাণৰ লক্ষ্য আগত লৈ জিম্বাবুৱেৰ দলটোৱে ইয়াৰ প্ৰত্যোত্তৰত মাত্ৰ ১১৫ ৰাণতে সকলো উইকেট হেৰুৱাব লগীয়া হয়।
উল্লেখযোগ্য যে, টীম ইণ্ডিয়াৰ কে এল ৰাহুলে আজিৰ সৈতে একেৰাহে দ্বিতীয়খন খেলত অৰ্ধশতক অৰ্জন কৰে, তেওঁ আজি ৫১ ৰাণ সংগ্ৰহ কৰি আউট হয়।
আনহাতে, সূৰ্যকুমাৰ যাদৱে ৬১ ৰাণত অপৰাজিত হৈ থাকে, ইয়াৰ বিপৰীতে বিৰাট কোহলীয়ে ২৫ টা বলত ২৬ ৰাণ সংগ্ৰহ কৰি আউট হয়।
অহা ১০ নৱেম্বৰত ভাৰতে অষ্ট্ৰেলিয়াৰ এডেলেইড অভাল ষ্টেডিয়ামত ইংলেণ্ডৰ বিপক্ষে ছেমি ফাইনেলত অৱতীৰ্ণ হ’ব। ইপিনে ৯ নৱেম্বৰত আনখন ছেমি ফাইনেলত পাকিস্তানে নিউজিলেণ্ডৰ বিৰুদ্ধে খেলিব।
লগতে পঢ়ক – লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা নিশেষ কৰাটো এক আত্মঘাতী প্ৰক্ৰিয়া: ইছমাইল হোছেইন