ফটোৰ উৎস ফে'চবুক

টাইৱানত বৰ্তমান ভয়াবহ খৰাঙে দেখা দিছে। ৫০ বছৰতকৈ অধিক সময়ৰ পিছত দেশখনত এনেধৰণৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই খৰাং পৰিস্থিতিৰ ফলত দেশখনত পানীৰ নাটনিয়ে বিষম ৰূপ ধাৰণ কৰাৰ উপৰি পৃথিৱী বিখ্যাত চান মুন হ্ৰদ ( Sun Moon Lake)ৰ লগতে দ্বীপৰাষ্ট্ৰখনৰ কেইবাটাও মনোমো হ্ৰদ শুকাই পৰিছে।

পিছে আমোদজনকভাৱে দেশখনত দেখা দিয়া এই বিপৰ্য্যয়ৰ মাজতো উক্ত প্ৰাকৃতিক দুৰ্যোগে এজন বিশেষ লোকৰ বাবে কিছু পৰিমাণে সৌভাগ্য লৈ আনিছে।

উল্লেখযোগ্য যে এবছৰ পূৰ্বে চান মুন হ্ৰদ ( Sun Moon Lake)ত চেন (Chen) উপাধিৰ এজন লোকৰ এটা ‘আইফোন ১১ প্ৰ মেক্স’ ফোনটো পানীত পৰিছিল।

লোকজনে ফোনটো পুনৰ ঘূৰাই পোৱাৰ আশা বাদ দিছিল যদিও হ্ৰদটোৰ পানী শুকাই যোৱাৰ ফলত তেওঁ ফোনটো পুনৰ ঘূৰাই পাবলৈ সক্ষম হয়।

যোৱা সপ্তাহত তেওঁ, এজন শ্ৰমিকে হ্ৰদৰ বোকাৰ মাজত ফোনটো উদ্ধাৰ কৰাৰ, খবৰ পাইছিল।

খবৰ পাই উৎফুল্লিত হৈ পৰা লোকজনে পিছত নিজৰ হেৰোৱা ফোনটোক অক্ষত অৱস্থাত উদ্ধাৰ কৰি একপ্ৰকাৰ অভিভূত হৈ পৰে।

ফোনটো লাভ কৰাৰ পিছত দিয়া এক ফে’চবুক প’ষ্টৰ জৰিয়তে চেনে জনাই যে ৱাটাৰপ্ৰুফ কভাৰ থকা বাবে ফোনটো অক্ষত অৱস্থাত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply