নিউজ ডেস্কঃ টাইৱানত সংঘটিত হয় ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৫১জন লোকে।

শুকুৰবাৰে পুৱা তাৰাক’ এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখন লাইনচ্যুত হোৱাত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়।

হুৱাহেলিয়েন প্ৰদেশৰ শ্বিংচুই টানেলত এই দুৰ্ঘটনা সংঘটিত হয়।

দেশখনত এতিয়া উৎসৱৰ বতৰ। তিনিদিনীয়া উইকেণ্ড পালন কৰিবলৈ ৰে’লখনত গৈছিল ভালেমান ঘৰুৱা পৰ্যটক।

ৰে’লখনত মুঠতে ৪৮০জন যাত্ৰীয়ে যাত্ৰা কৰিছিল। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ১৫০জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply