টুইটাৰ

নিউজ ডেস্ক : আফগানিস্তান এতিয়া তালিবানৰ দখলত। আফগানিস্তান দখল কৰাৰ পিছতে তালিবানে আফগানিস্তানত নিজৰ অনুসৰি শাসন আৰম্ভ কৰিছে। তালিবানৰ শাসনত আফগান লোক সকল অসন্তুষ্ট হৈ পৰিছে। তালিবানৰ শাসনৰ বিৰোধিতা কৰা আফগান লোক সকলৰ ওপৰৰ চলিছে তালিবানৰ বৰ্বৰ আক্ৰমণ।

আফগানিস্তানত তালিবানৰ শাসনৰ বিৰুদ্ধে বিশেষকৈ আফগান মহিলা সকল ওলাই অহা পৰিলক্ষিত হৈছে। ঠায়ে ঠায়ে আফগান মহিলা সকলে তালিবানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। আফগান মহিলা সকলৰ নেতৃত্বত তালিবানৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদ তালিবানে কঠোৰ হাতেৰে দমন কৰা দেখিবলৈ পোৱা গৈছে।

প্ৰতিবাদকাৰী সকলৰ লগতে তালিবানৰ বিৰুদ্ধে আফগানিস্তানত চলি থকা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক সকলৰ ওপৰতো তালিবানৰ বৰ্বৰ নিৰ্যাতন চলি আছে। আফগানিস্তানত তালিবানৰ শাসনত মহিলাসকল অংশীদাৰ হোৱাৰ দাবী জনাইছে যদিও তালিবনে এই ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

আফগানিস্তানত তালিবানৰ শাসন আৰম্ভ হোৱাৰ পিছতে চৰকাৰৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিবাদ নকৰাৰ বাবে তালিবানে সকীয়নি প্রদান কৰিছে। ইয়াৰ মাজতে প্ৰতিবাদকাৰী আৰু সাংবাদিকৰ ওপৰত তালিবানৰ বৰ্বৰ আক্ৰমণৰ দৃশ্য সামাজিক মাধ্যমত প্ৰকাশ পাইছে। মহিলা প্ৰতিবাদকাৰী আৰু সাংবাদিকক তালিবানে লাঠীৰে আক্ৰমণ চলাই থকা দেখিবলৈ পোৱা গৈছে।

লগতে পঢ়ক : অধ্যাপিকা পৰিমিতা দাসৰ মৃত্যুত ৰঙাচাহী মহাবিদ্যালয়ত শোকাকুল পৰিবেশ

ইতিমধ্যে বহু সাংবাদিকক তালিবানে গ্ৰেপ্তাৰো কৰিছে। আফগানিস্তানত তালিবানৰ শাসন আৰম্ভ হোৱাৰ লগে লগে মহিলা সকলৰ ওপৰত বহু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। মহিলা সকলৰ অধিকাৰৰ ওপৰত তালিবানৰ নিষেধাজ্ঞাকলৈ আফগান মহিলা সকল ক্ষোভিত হৈ আছে আৰু তালিবানৰ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply