নিউজ ডেস্ক : আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলক নিজৰ দখললৈ আনিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন তালিবানে। শেহতীয়া খবৰ অনুসৰি তালিবানী শক্তিয়ে কাবুলৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰিছে।
দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰি দেশখনৰ পলায়ন কৰাৰ পিছতে এতিয়া দেশখনত ১৯৯৬ চনৰ পিছত দ্বিতীয় বাৰৰ বাবে তালিবানে পুনৰ শাসন প্ৰতিস্থা কৰে।
উল্লেখযোগ্য যে দেশখনৰ পৰা মাৰ্কিন সেনা অপসাৰণ কৰাৰ পিছৰে পৰা তালিবানে এখনৰ পিছত আনখন প্ৰদেশ নিজৰ অধীনলৈ আনিবলৈ আৰম্ভ কৰে। যাৰ পৰিপ্ৰেক্ষিতত আনে এতিয়া হাজাৰ হাজাৰ লোকে দেশ এৰি যাবলৈ আৰম্ভ কৰিছে।
ভাৰত চৰকাৰে দেশখনত থকা ভাৰতীয় লোকসকলক স্বদেশলৈ উভতি অহাৰ বাবে আহ্বান জনাইছে যদিও দেশখনৰ আকাশমাৰ্গ বন্ধ হৈ পৰাৰ ফলত ভাৰতলৈ আহিবলগীয়া বিমান সমূহৰ লগতে কাবুল বিমানবন্দৰৰ পৰা বৰ্তমান কোনো বিমান চলাচল উৰা মাৰিব পৰা নাই।
এক সূত্ৰৰ পৰা জানিব পৰা মতে দেশখনত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক উভতাই আনিবলৈ সাজু হোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে এতিয়া আৰু তালৈ যাব নোৱাৰে।
আনহাতে আফগানিস্তানৰ শেহতীয়া পৰিস্থিতিকলৈ মোদী চৰকাৰে নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ তুলিছে বিৰোধী দল কংগ্ৰেছে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰনদ্বীপ সিং সুৰেজৱালাই আফাগিস্তানৰ পৰিস্থিতিকলৈ কেন্দ্ৰীয় চৰকাৰে অৱলম্বন কৰা নীৰৱতাক ‘অত্যন্ত দুৰ্ভাগ্যজনক’ আখ্যা দি ইয়াক ‘যুক্তিৰ বাহিৰত’ বুলি মন্তব্য কৰে।
উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ঘানিৰ পদত্যাগৰ পিছতে আফগানিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা থকা তালিবানী কয়দীসকলক মুকলি কৰি দিয়া হয়।
লগতে পঢ়ক : কংগ্ৰেছত দল ত্যাগৰ ধুমুহা! এইবাৰ পদত্যাগ প্ৰাক্তন সাংসদ সুস্মিতা দেবৰ