নিউজ ডেস্কঃ ওখ হ’বলৈ প্ৰায় লোকে হাবিয়াস কৰে। কিন্তু জোখতকৈ যেতিয়া এজন ব্যক্তি বেছিয়েই ওখ হয় তেতিয়া নানা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। কাপোৰৰ পৰা জোতা- চেণ্ডেলৰ লৈকে বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আমাৰ দেশতে এনে এটা পৰিয়াল আছে। এই পৰিয়ালটোক লৈ সাধাৰণ লোকৰ মাজত বিশেষ কৌতুহল।
মহাৰাষ্ট্ৰৰে পুণেৰ কুলকাৰ্ণী পৰিয়ালৰ প্ৰতিজন সদস্যই ওখ। শাৰদ কুলকাৰ্ণী এই পৰিয়ালটোৰ মুৰব্বী। ৫২ বছৰীয়া শাৰদৰ শাৰীৰিক উচ্চতা ৭ফুট ১.৫ ইঞ্চি। শাৰদৰ পত্নী ৪৬ বছৰীয়া সন্জুতৰ উচ্চতা ৬ফুট ২.৬ ইঞ্চি। তেওঁলোকৰ দুগৰাকী কন্যা আছে। ডাঙৰ হৈ অহাৰ লগে লগে দুই কন্যায়ো পিতৃ-মাতৃৰ দৰেই ওখ হৈ পৰিল। ডাঙৰ কন্যা ২২বছৰীয়া মুৰুগাৰ উচ্চতা ৬ফুট ১ ইঞ্চি, সৰু জীয়ৰী ছানায়াৰ উচ্চতা ৬ফুট ৪ইঞ্চি। এই পৰিয়ালটোৱে কাপোৰ অৰ্ডাৰ দি পিন্ধিব লাগে।
পৰিয়ালটোৰ লোকসকলে দোকানত উপলব্ধ যিকোনো কাপোৰ তেওঁলোকৰ পছন্দ হ’লেও পিন্ধিব নোৱাৰে। আনকি জোতা- চেণ্ডেলো বিদেশৰ পৰা অৰ্ডাৰ কৰি পিন্ধিব লাগে।
লগতে পঢ়কঃভাৰতীয় অলিম্পিক সন্থাৰ নিৰ্বাচনৰ বাবে প্ৰস্ততি অসম অলিম্পিক সন্থাৰ
যদি এই পৰিয়ালৰ সকলো সদস্যৰ উচ্চতা যোগ কৰা হয় তেন্তে ২৬ ফুট হয়গৈ। এই উচ্চতাৰ বাবেই পৰিয়ালটোৰ নাম লিমকা বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত কৰা হৈছে। ১৯৮৯ চনত শাৰদ আৰু সঞ্জুত পৃথিৱীৰ আটাইতকৈ ওখ দম্পতী হিচাপে মনোনীত কৰা হৈছিল।
পৰিয়ালটোৱে তেওঁলোকৰ এই অস্বাভাৱিক উচ্চতাৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হয়। এই পৰিয়ালটোৱে কেতিয়াও ৰাজহুৱা পৰিবহণ ব্যৱহাৰ নকৰে। পৰিয়ালটোৰ সদস্যসকলে সেয়ে খোজ কাঢ়িবলৈ অধিক পছন্দ কৰে।
এই পৰিয়ালটোৰ ফটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে। সামাজিক মাধ্যমত বিশেষ চৰ্চিত হৈছে এই পৰিয়ালটো।