নিউজ ডেস্কঃ তামিলনাডুৰ এজন ২১ বছৰীয়া যুৱক। নাম সৈনিকেশ ৰবিচন্দ্ৰন। সৈনিকেশৰ ভাৰতীয় সেনা বাহিনীৰ এজন সৈনিক হোৱাৰ বহু আশা আছিল। যাৰ বাবে দুবাৰকৈ চেষ্টা কৰিছিল তামিলনাডুৰ যুৱকজনে। কিন্তু সফল নহ’ল সৈনিকেশ।

তাৰপাছত শিক্ষা গ্ৰহণৰ বাবে সৈনিকেশ ইউক্ৰেইনলৈ গুচি যায়। ইউক্ৰেইনত পঢ়ি থকা সয়মতে অৰ্থাৎ কিছুদিনৰ পূৰ্বে ৰাছিয়াই সামৰিক অভিযান আৰম্ভ কৰে দেশখনত। ৰাছিয়াই আক্ৰমণ কৰাৰ পাছতে যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ সেনা বাহিনীৰ এজন জোৱান হিচাপে যোগ দি ৰাছিয়াৰ বিৰুদ্ধে এতিয়া যুদ্ধক্ষেত্ৰত নামিছে ভাৰতৰ যুৱকজন।

ইফালে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, সৈনিকেশৰ পিতৃ-মাতৃয়ে বাতৰি প্ৰকাশ পোৱাৰ পূৰ্বলৈকে জনাই নাছিল যে তেওঁলোকৰ পুত্ৰই ইউক্ৰেইনৰ সেনা বাহিনীত যোগ দিছে। সৈনিকেশৰ পিতৃ ৰবিচন্দ্ৰনে কয়- ‘এই খবৰ পোৱাৰ পাছৰে পৰা আমি বহু শংকিত হৈছো। ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছো যাতে তেওঁলোকে মোৰ সন্তানক স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰে। সি ভাৰতলৈ ঘূৰি আহিবলৈ কোৱাৰ পাছতো আমাৰ কথা শুনা নাই।’

উল্লেখযোগ্য যে, পিতৃ ৰবিচন্দ্ৰনে লগতে কয়- ‘সৈনিকেশে ইউক্ৰেইনত এয়াৰ’স্পেচ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছে। ৫ বছৰৰ পাঠ্যক্ৰম তাৰ শেষ হ’বলৈ লৈছিল। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ কিছুদিন পূৰ্বে সি আমাক ফোন কৰিছিল। সি আমাক জনাইছিল যে এটা ভিডিঅ গেমৰ কোম্পানীত চাকৰি পোৱাৰ কথা। কিন্তু আমি জনা নাছিলো যে সি সেনা বাহিনীত যোগ দিছে। এতিয়া আমি বহুত চিন্তাত আছো।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply