নিউজ ডেস্কঃ প্ৰসিদ্ধ হলিউদ অভিনেতা জ’ লাৰাৰ মৃত্যু। এক বিমান দুৰ্ঘটনাত মৃত্যু হয় অভিনেতাগৰাকীৰ।

শনিবাৰে এখন প্ৰাইভেট জেটত যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনা সংঘটিত হৈ অভিনেতাগৰাকীৰ লগতে তেওঁৰ পত্নীসহ ৫জন বন্ধু নিহত হয়।

বিমানখন ফ্ল’ৰিডাৰ পাম বীচ্চ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উৰা মাৰিছিল। উৰণৰ কিছুসময়ৰ পাছতেই বিমানখন নেচভিলৰ দক্ষিণে প্ৰায় ১২ মাইল দূৰত্বত থকা পাৰ্চি প্ৰিষ্ট লেকত পৰি যায়।

ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ গোটেই নিশা চলোৱা উদ্ধাৰ অভিযানৰ অন্তত সাতজন যাত্ৰীকে মৃত অৱস্থাত উদ্ধাৰৰ কৰে।

কি পৰিস্থিতি বিমানখন দুৰ্ঘটনাত পতিত হবলৈ পালে সেই সন্দৰ্ভত ইউ এছ নেছনেল ট্ৰান্সপৰ্টেছন ছেফটি ব’ৰ্ডে অনুসন্ধান চলাই আছে।

দুঃসাহসিক চলচ্চিত্ৰ “টাৰ্জানঃদ্য এপিক এডভেন্সাৰছ’ নামৰ চলচ্চিত্ৰ খনৰ বাবে প্রখ্যাত আছিল ৫৮ বছৰীয়া জ’ লাৰা।

আৰু পঢ়কঃতৃতীয় বাৰৰ বাবে বিয়াত বহিল ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply