নিউজ ডেস্কঃ টাটা মটৰ্ছে এখন নতুন চাৰিচকীয়া বাহনৰ কনচেপ্ট মুকলি কৰিছে। টাটাৰ এই নতুন বাহনখন দেখিবলৈ যেন হেচবেক, এমপিভি আৰু ক্ৰোছৱভাৰৰ মিশ্ৰন। বাহনখনৰ কনচেপ্ট মডেলটোৰ ফটো ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বাহনখনৰ সন্মুখত T আকৃতিৰ লাইট, বাটাৰফ্লাই দুৱাৰ আৰু ঘূৰিব পৰা চকী দিয়া হৈছে। জানিব পৰা মতে, এইখন বাহন পেট্ৰ’ল-ডিজেলৰ পৰিৱৰ্তে বিদ্যুৎচালিত হ’ব। Avinya নামৰ এই কনচেপ্ট বাহনখন খুবেই পচন্দ কৰিছে ভাৰতৰ নাগৰিকে।

tata motors ne avinya ev concept revealed

কনচেপ্ট Avinyaত আছে এৰোমা ডিফিউজাৰ, ছানৰুফ আদি। টাটা মটৰ্ছে এই বাহনখনত ২০২৫বৰ্ষত বজাৰত গ্ৰাহকৰ বাবে উপলব্ধ কৰিব বুলি জানিব পৰা গৈছে।

Tata Avinya Concept Debuts With 310 Miles Of Range After 30 Minutes Of  Charging

লগতে কোম্পানীটোৰ তৰফৰ পৰা কোৱা হৈছে যে Avinyaৰ প্ৰডাকশ্যন মডেলৰ বিক্ৰী টাটা Curvv EV বজাৰত মুকলি কৰাৰ পাছতহে আৰম্ভ হ’ব। এবাৰ বাহনখনৰ সম্পূৰ্ণ বেটাৰী ছাৰ্জ কৰাৰ পাছত প্ৰায় ৫০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply