নিউজ ডেস্ক : কোৰোনাৰ ভয়াবহ সংক্ৰমণৰ মাজতে আহিছে আন এক দূৰ্যোগ। এইবাৰ আহিছে ঘূৰ্ণিবতাহ টাউক্টে। আজি নিশা কৰ্ণাটকৰ উপকূলত এই বতাহে আঘাত কৰিব বুলি জানিবলৈ দিছে বিভাগীয় পক্ষই। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ধুমুহাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰস্তুতি চলাইছে।
ইতিমধ্যে কেৰালাত প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছে। ইফালে, লাক্ষাদ্বীপতো ধুমুহাৰ ফলত গছ-গছনি উভালি পৰা দেখা গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘূৰ্ণিবতাহ টাউক্টেৰ দ্বাৰা উদ্ভৱ হ’ব পৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত কৰা পৰ্যালোচনা বৈঠকত বিষয়াসকলক ধুমুহাই চুই যোৱা অঞ্চল সমূহৰ লোকসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱাৰ বাবে সকলো পদক্ষেপ ল’বলৈ নিৰ্দেশ প্ৰদান কৰিছে। বিদ্যুৎ, দূৰসংযোগ, স্বাস্থ্য, খোৱা পানীৰ দৰে অত্যাৱশ্যকীয় সেৱা নিশ্চিত কৰিবলৈও নিৰ্দেশনা দিয়া হৈছে।
পশ্চিম ৰে’লৱেই ধুমুহাৰ বাবে কেইবাখনো ৰে’ল বাতিল কৰিছে। বতৰ বিভাগে জনোৱা মতে, টাউক্টে ঘূৰ্ণিবতাহে ১৮ মে’ৰ দুপৰীয়া গুজৰাটৰ উপকূল স্পৰ্শ কৰিব। উক্ত সময়ছোৱাত টাউক্টেৰ গতিবেগ হ’ব প্ৰতিঘণ্টাত ১৭৫ কিলোমিটাৰ। বিভাগৰ মতে, ১৬ ৰ পৰা ১৮ মে’ৰ ভিতৰত টাউক্টে ঘূৰ্ণী বতাহে ভয়াবহ ৰূপ লোৱাৰ আশংকা কৰিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বিভাগে যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিজকে সাজু কৰিছে।
ইয়াৰ বাবে চলাব লগা অভিযানৰ বাবে দলৰ সংখ্যা ৫৩ ৰ পৰা ১০০ লৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় জল আয়োগে ঘূৰ্ণিবতাহৰ বাবে কেৰালাৰ কেন্দ্ৰীয় আৰু উত্তৰ অংশ আৰু কৰ্ণাটকৰ দক্ষিণ উপকূলীয় অঞ্চলত মজলীয়াৰ পৰা উচ্চ স্তৰৰ বিপদৰ শংকা কৰি সতৰ্কতা জাৰি কৰিছে।