ক’ভিড মহামাৰীৰ মাজতে ভাৰতৰ উপকূলীয় অঞ্চলত ঘূৰ্ণিবতাহ টাউক্টেৰ সংহাৰী ৰূপ। কেৰালা, কৰ্নাটক আৰু গোৱত সংহাৰ চলোৱাৰ পিছত এইবাৰ গুজৰাট দিশে গমণ কৰিছে ঘূৰ্ণিবতাহ টাউক্টে। বৰ্তমানলৈ এই ঘূৰ্ণিবতাহৰ বাব প্ৰাণ হেৰুৱালে ৮ জনকৈ লোকে।
বহু হাজাৰ গছ এই বতাহৰ ফলত ভাঙি পৰাৰ লগতে বহু ঘৰো ভাঙি পৰে। গুজৰাটৰ উপকূলীয় অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। অধিক মাত্ৰাত বৰষুণ আৰু বতাহ অহাৰ সম্ভাৱনা।
সকলো মাছমৰীয়া তথা উপকূলৰ কাষৰ লোকক সকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিছে প্ৰশাসনে। বতৰ বিজ্ঞান বিভাগে আশংকা কৰা অনুসৰি ১৭ মে’ৰ সন্ধিয়া বা ১৮ মে’ত এই ঘূৰ্ণিবতাহ টাউক্টে গুজৰাটত খুন্দা মৰাৰ সম্ভাৱনা।
দেওবাৰে কেৰালা, কৰ্ণাটক আৰু গোৱাৰ উপকূলীয় অঞ্চলত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত টাউক্টে ঘূৰ্ণী বতাহে উত্তৰদিশে গুজৰাট অভিমুখে আগবাঢ়িছে। ইফালে, মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলসমূহত তীব্ৰ বতাহ আৰু সাগৰত উচ্চ ঢৌৰ সৈতে পাতল বৰষুণ হয়। ধাৰাসাৰ বৰষুণ আৰু তীব্ৰ বতাহৰ ফলত পুৱা বহুতো বজ্ৰপাত হয়।
লগতে পঢ়ক : এইবাৰ আহিছে ঘূৰ্ণিবতাহ টাউক্টে
ঘূৰ্ণী বতাহৰ ফলত ছয়জন লোকৰ মৃত্যু হয় আৰু বহু ঘৰ ক্ষতিগ্ৰস্ত হয় । মানুহে তেওঁলোকৰ ঘৰ এৰি সুৰক্ষিত স্থানলৈ যাব লগা হয়। বহুতো অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হয়।ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) কৈছিল যে অতি তীব্ৰ ঘূৰ্ণীবতাহ টাউক্টে তীব্ৰতৰ হৈছে আৰু আজি সন্ধিয়াৰ ভিতৰত গুজৰাট উপকূলত পোৱাৰ সম্ভাৱনা আছে ।
আই এম ডিয়ে কয় যে মঙলবাৰৰ আৰম্ভণিতে ভাৱনগৰ জিলাৰ পোৰবন্দৰ আৰু মহুৱাৰ মাজৰ ৰাজ্যিক উপকূল অতিক্ৰম কৰিব পাৰে। বতৰ বিভাগৰ পূৰ্বানুমান অনুসৰি, সোমবাৰৰ পৰা অহা দুদিনৰ বাবে মধ্য প্ৰদেশৰ পশ্চিম অংশৰ বিভিন্ন স্থানত বজ্ৰপাত আৰু ৪৫ ৰ পৰা ৫০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ তীব্ৰ বতাহৰ সম্ভাৱনা আছে।