নিউজ ডেস্কঃ বিহাৰৰ পূব চম্পাৰণত এগৰাকী শিক্ষকক গুলীয়াই হত্যা কৰা ঘটনা সংঘটিত হৈছে। চিৰেয়া থানাৰ অন্তৰ্গত ললবেগিয়া ঘাট চ’ক এলেকাত সংঘটিত হৈছে এই ঘটনা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাম বিনয় সহনী নামৰ শিক্ষক গৰাকীয়ে দুপৰীয়া এখন হোটেলত খাদ্য গ্ৰহণ কৰি ওলাই অহাৰ সময়তে দুখন মটৰ চাইকেলত চাৰিজন দুৰ্বৃত্তই আহি তেওঁৰ ওপৰত গুলীচালনা কৰে।
গুলীচালনাৰ পাছতে গুৰুতৰভাৱে আহত শিক্ষক গৰাকীক এখন স্থানীয় হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। প্ৰত্যক্ষ দৰ্শীয়ে সাংবাদিকৰ আগত কয় যে- অপৰাধী কেইজনে মতিহাৰীৰ তৰফৰ পৰা বাইকত আহিছিল। গুলীচালনা কৰি দু্ৰ্বৃত্ত কেইজনে ঢাকাৰ দিশে পলায়ন কৰে।
ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। এগৰাকী আৰক্ষী বিষয়াই কয় যে- শিক্ষক গৰাকীক হত্যা কৰা প্ৰতিজন অপৰাধীক কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰা হ’ব।