নিউজ ডেস্কঃ প্ৰয়াগৰাজৰ বহৰিয়া বিকাশ খণ্ডৰ কম্পোজিট বিদ্যালয়ৰ এজন সহকাৰী অধ্যাপক অজিত যাদৱক শুকুৰবাৰে নিলম্বন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত সহকাৰী অধ্যাপক গৰাকী নিলম্বন কৰা হৈছে।

শিক্ষা বিভাগৰ বিষয়া প্ৰবীন কুমাৰ তিৱাৰীৰ দ্বাৰা জাৰি কৰা নিলম্বনৰ নিৰ্দেশ অনুসৰি, অজিত যাদৱে এগৰাকী চৰকাৰী কৰ্মচাৰী হিচাপে কৰ্মৰত থকাৰ পাছতো ৰাজনৈতিক নেতাৰ সৈতে নিৰ্বাচনী সভা, ৰেলী আদিত অংশগ্ৰহণ কৰিছিল। তদুপৰি তেওঁ সংবিধানিক পদসমূহত দায়িত্ব পালন কৰা জনপ্ৰতিনিধিসকলক লৈ বিতৰ্কিত মন্তব্য কৰিছে।

উল্লেখ্যযোগ্য যে, বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ পূৰ্বে এটা ৰাজনৈতিক দলৰ জনসভাত অংশ লৈ অজিত যাদৱে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক লৈ বিতৰ্কিত মন্তব্য কৰে আৰু ইয়াৰে এটা ভিডিঅ’ ভাইৰেল হৈ পৰে। এই সন্দৰ্ভত তদন্ত কৰাৰ পাছত শিক্ষা বিভাগৰ বিষয়া গৰাকীয়ে সহকাৰী অধ্যাপক যাদৱক নিলম্বনৰ নিৰ্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply