নিউজ ডেস্ক : নিজৰ কন্যাৰ হাততে প্ৰাণ হেৰোৱালে জন্মদাত্ৰী মাতৃয়ে। এডাল কাৰাটে বেল্টেৰে ডিঙি চেপি এগৰাকী ১৫ বছৰীয়া কিশোৰীয়ে নিজৰ মাতৃক হত্যা কৰা এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ নৱী মুম্বাইত।

যোৱা ৩০ জুলাইত নৱী মুম্বাইৰ আইৰলি অঞ্চলত এই ঘটনা সংঘটিত হোৱা বুলি মঙলবাৰে মু্ম্বাই আৰক্ষীয়ে এই কথা জানিবলৈ দিয়ে। আৰক্ষীৰ মতে প্ৰথম অৱস্থাত ছোৱালীজনীয়ে এইয়া দুৰ্ঘটনাবশতঃ হোৱা বুলি কৈ হাত হাৰিব খুজিছিল।

আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে কিশোৰী গৰাকীৰ নিজৰ ৪০ বছৰীয়া মাতৃৰ সৈতে প্ৰায়ে কাজিয়া হৈছিল। মাতৃয়ে তেওঁৰ জীয়েকে চিকিৎসা বিজ্ঞান পঢ়াটো বিচাৰিছিল কিন্তু জিয়েকে পঢ়িব খোজা নাছিল, ইয়াকে তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া লাগিছিল।

যোৱা মাহত ছোৱালীজনীয়ে মাকৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰিছিল, ইয়াৰ পিছত আৰক্ষীয়ে পৰিয়ালটোক থানালৈ মাতি সোধা-পোছা কৰিছিল।

যোৱা ৩০ জুলাইত ছোৱালীজনীয়ে মাকৰ পৰি মৃত্যু হোৱা বুলি আৰক্ষীক খবৰ দিছিল। পিছত আৰক্ষীয়ে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা কৰাত মহিলা গৰাকীক ডিঙি চেপি হত্যা কৰা হয় বুলি পোহৰলৈ আহে।

প্ৰথমতে হত্যা কৰাৰ কথা অস্বীকাৰ কৰিছিল যদিও পিছত আৰক্ষীৰ জেৰাত কিশোৰীয়ে গৰাকীয়ে কিবা কথাকলৈ সৃষ্টি হোৱা কাজিয়াৰ সময়ত নিজৰ মাকক এডাল কাৰাটে বেল্টেৰে ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জনায়।

সোমবাৰে আৰক্ষীয়ে কিশোৰী গৰাকীক আটক কৰি তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা)- ৰ অধীনত এক গোচৰ ৰুজু কৰে।

লগতে পঢ়ক : আমিনুল ইছলামৰ অভিযোগ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply