কোৰোনা দেবী মন্দিৰ

দেশত ভয়াবহ ৰূপে বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ সংক্ৰমণ, মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ পিছত ভাৰতৰ বিভিন্ন ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পৰা দেখা গৈছে। এই মহামাৰীৰ সৈতে যুঁজ দিবলৈ চৰকাৰ তথা দেশ বাসীয়ে বিভিন্ন পন্থা অবলম্বন কৰিছে। কৰনোৰ পৰা ৰক্ষা পাবলৈ তামিলনাডুত সজা হ’ল ‘কৰোনা দেৱী’ৰ এটা মন্দিৰ।

‘কৰোনা দেৱী’ক উৎসৰ্গিত মন্দিৰটো তামিলনাডুত স্থাপন কৰা হৈছে যাৰ উদ্দেশ্য হৈছে লোকসকলক কৰোনা মহামাৰীৰ পৰা সুৰক্ষিত কৰা। কামাচিপুৰী লোকৰ কৰ্তৃপক্ষই স্থাপন কৰা এই মন্দিৰটো কইম্বাটুৰৰ কামাচিপুৰমত নিৰ্মাণ কৰা হৈছে ।বুধবাৰৰ পৰা এই মন্দিৰত আৰম্ভ হৈছে পূজা-পাতল ।

প্ৰায় ১.৫ ফুট দীঘল মূৰ্তিটো তৈয়াৰ কৰিবলৈ গ্ৰেনাইট ব্যৱহাৰ কৰা হৈছে। ৪৮ দিনৰ বাবে বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ’ব এই মন্দিৰটোত। মহাযজ্ঞ অনুষ্ঠিত হোৱাৰ সময়ত মানুহক প্ৰাৰ্থনা কৰিবলৈ মন্দিৰলৈ যাবলৈ অনুমতি দিয়া নহ’ব।
মন্দিৰ কৰ্তৃপক্ষৰ দায়িত্বত থকা শিৱলিঙ্গেশ্বৰে কয় যে মানুহক ভাইৰাছ আৰু ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ দেৱতা সৃষ্টি কৰাটো পূৰ্বৰে পৰা প্ৰথা চলি আহিছে। তামিলনাডুত, এনে কেইবাটাও দেৱতা আছে যেনে কইম্বাটুৰৰ প্লেগ মাৰিয়াম্মান মন্দিৰ। সেই অঞ্চলৰ লোকসকলে বিশ্বাস কৰে যে দেৱতাসকলে অতীতত প্লেগ আৰু কলেৰাৰ প্ৰাদুৰ্ভাৱৰ সময়ত নাগৰিকসকলক সুৰক্ষা কৰিছিল।

লগতে পঢ়ক আজিৰ দিনটোত ৰাজ্যত আক্ৰান্তৰ হাৰ কমিল আৰু মৃত্যুৰ সংখ্যা সামান্য বৃদ্ধি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply