নিউজ ডেস্কঃ আফ্ৰিকান দেশ বুৰ্কিনা ফাছোত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৯ জন সৈনিকসহ মুঠ ১৫ জন লোক নিহত হয়।
দেওবাৰে পুৱা চাহেল অঞ্চলৰ চৌম প্ৰদেশৰ গাচকিণ্ডে আৰু পব মেংগাও অঞ্চলত উগ্ৰপন্থীয়ে আক্ৰমণ চলায়। সন্ত্ৰাসবাদীৰ আক্ৰমণত ৯ জন সৈনিকসহ মুঠ ১৫ জন লোক নিহত হয় আৰু ২৪ জনৰো অধিক লোক আহত হয়।
উল্লেখ্য যে, দেশখনত আল-কায়েদা আৰু ইছলামিক ষ্টেটৰ উগ্ৰপন্থীৰ নিৰন্তৰ আক্ৰমণ চলি আছে, এতিয়ালৈকে হাজাৰ হাজাৰ লোক নিহত হৈছে আৰু প্ৰায় ২০ লাখ লোক দেশ এৰিবলগীয়া হৈছে।
লগতে পঢ়কঃউত্তৰপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰীৰ পুত্ৰক প্ৰহাৰ, ৪৮ জনৰ বিৰুদ্ধে এজাহাৰ
চলিত মাহৰ আৰম্ভণিতে সন্ত্ৰাসবাদীৰ আক্ৰমণত মধ্য উত্তৰ অঞ্চলত ১৬ জন সৈনিক নিহত হৈছিল আৰু দুসপ্তাহত কমেও ৪০ জন নিৰাপত্তাৰক্ষী নিহত হৈছিল।
সেনাই চলিত বৰ্ষৰ জানুৱাৰীত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক ক্ষমতাৰ পৰা উৎখাত কৰে। দেশখনত এতিয়া হিংসাত্মক ঘটনা প্ৰতিহত কৰিবলৈ নিৰন্তৰ সংগ্ৰাম চলি আছে, লগতে সেনাই দেশখন সুৰক্ষিত কৰাৰ বাবে এক নতুন ৰণনীতি প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছে।